Doctor Aarrested In GU:গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীক জোকাই লকআপৰ আলহী এজন চিকিৎসক

doctor arrested

Doctor Aarrested In GU:

ছাত্ৰীক জোকাই লকআপৰ আলহী হ’ল এজন চিকিৎসক। নিজকে চিকিৎসক বুলি পৰিচয় দি ৰাজপথত অশালীন ইংগিত দিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীক ।

ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ। পাছত বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰই যুৱকজনক কৰায়ত্ত কৰি গতাই দিয়ে জালুকবাৰী আৰক্ষীক ৷ নিজকে চিকিৎসক বুলি পৰিচয় দিয়া ধৃত যুৱকজনৰ নাম ছাইখুল আলম। ঘৰ বৰপেটা জিলাৰ চেঙাত ৷

প্ৰাপ্ত খবৰ অনুসৰি সোমবাৰে সন্ধিয়া সময়ত বিশ্ববিদ্যালয়ৰ ছাত্ৰ গৰাকী গ্লালছ হোষ্টেলৰ পৰা ওলাই আহি বিশ্ববিদ্যালয়ৰ বজাৰলৈ। এনে সময়তে ধৃত ছাইফুলে ছাত্ৰী গৰাকীক উদ্দেশ্য কৰি নানান অশালীন মন্তব্য দিয়ে ৷ যুৱকজনৰ এই মন্তব্যক লৈ ছাত্ৰ গৰাকীয়ে উত্তেজিত হৈ তৰ্জনগৰ্জন কৰিবলৈ ধৰে ৷

লগে লগে একাংশ ছাত্ৰ আৰু নিৰাপত্তাৰক্ষীয়ে আটক কৰে ৷ পৰৱৰ্তী সময়ত জালুকবাৰী আৰক্ষীক চমজাই দিয়াৰ সময়ত যুৱকজনে নিজকে এজন চিকিৎসক বুলি পৰিচয় দি বৰ্তমান তেওঁ চেঙাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ৰূপে কমৰত হৈ আছে ৷

ইতিমধ্যে ছাত্ৰী গৰাকীয়ে জালুকবাৰী থানাত দাখিল কৰে এজাহাৰ। আটকাধীন যুৱকজনে ছাত্ৰীক জোকোৱা বুলি উদ্থাপিত অভিযোগ একেমুখে নাকচ কৰে। অৱশ্যে আৰক্ষীৰ তদন্ততহে উন্মোচিত হ’ব সকলো তথ্য।

Exit mobile version