Ghograpar Teacher Day:ঘগ্ৰাপাৰত প্ৰজ্ঞা নলবাৰী জিলাৰ উদ্যোগত গুৰুপূজন অনুষ্ঠান

ছাত্ৰীয়ে গুৰুৰ চৰণ চুই ল'লে আশীৰ্বাদ

gagrapar

Ghograpar Teacher Day:

শিক্ষক দিৱসৰ দিনা গুৰু–শিষ্যৰ পৰম্পৰাৰ লগত সংগতি ৰাখি আজি নলবাৰীৰ ঘগ্ৰাপাৰস্থিত হৰিমন্দিৰ প্ৰাংগণত প্ৰজ্ঞা, নলবাৰী জিলা সমিতিৰ উদ্যোগত ‘‘গুৰু পূজন’’ শীৰ্ষক এক বিশেষ অনুষ্ঠান আয়োজন কৰা হয়।

গুৰু বন্দনাৰে আৰম্ভণি কৰা গুৰুপূজন অনুষ্ঠানটিত ছাত্ৰী সকলে গুৰুসকলৰ চৰণ চুই আশীৰ্বাদ গ্ৰহণ কৰে।

গুৰুপূজনৰ গুৰুসমুহ ক্ৰমে বিশিষ্ট ভাৱৰীয়া ওজাপালি প্ৰতাপ বেজবৰুৱা,বিশিষ্ট নাট্যকাৰ পুতলা নাচৰ গুৰু হৰধন চক্ৰৱৰ্তী,বিশিষ্ট বাঁহীবাদক পৰমানন্দ দাস,বিশিষ্ট মৎস্য কলাৰ গুৰু মনোহৰ বাৰ্মা,অবসৰী কৃতি শিক্ষক চক্ৰধৰ কলিতা,অবসৰী প্ৰধান শিক্ষক বিভুসেন ডেকা,সংগীত গুৰু উপেন মালাকৰ,ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপক অৱসৰী প্ৰধান শিক্ষক ৰমনী বৰ্মন,ধ্ৰুপদী সংগীতৰ গুৰু মুনিন্দ্ৰ বুজৰবৰুৱা,বিশিষ্ট সংস্কৃত পণ্ডিত ও অৱসৰী অধ্যাপক অচ্যুত মিশ্ৰ,বড়ো লোক সংস্কৃতিৰ গুৰু কিশোৰ লাহাৰি,জাপি শিল্পৰ সাধক যোগেশ্বৰ কলিতা,,বিশিষ্ট শিল্পী ও নাট্য গুৰু চাৰু তালুকদাৰ আৰু অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক মহেশ্বৰ বৰ্মনক।

কাৰ্য্যসূচী অনুসৰি পুৱা ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, ভাৰত মাতা পূজন,ছাত্ৰীৰ দ্বাৰা পানী তোলা অনুষ্ঠান।গুৰু পূজন কাৰ্যক্ৰম প্ৰমুখ ৰাতুল কুমাৰ গোস্বামীয়ে আঁতধৰা অনুষ্ঠানটিত নলবাৰীৰ প্ৰজ্ঞাৰ সভাপতি ড৹ মুনিন দাসে আদৰণি ভাষণ দিয়ে।

অনুষ্ঠানটিত বিশিষ্ট বক্তাৰূপে উপস্থিত থাকি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ সংঘচালক ডা০ উমেশ চক্ৰৱৰ্তীয়ে গুৰু-শিষ্যৰ প্ৰাচীন পৰম্পৰাৰৰ ওপৰত এক মনোজ্ঞ বক্তব্য প্ৰদান কৰে।

সভাখনত অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী,শিক্ষাবিদকে ধৰি প্ৰায় পাঁচ শতাধিক ৰাইজে অংশগ্ৰহণ কৰে । সভাখনত শলাগৰ শৰাই আগবঢ়াই প্ৰজ্ঞা নলবাৰী জিলা সমিতিৰ সম্পাদক পংকজ ডেকাই।

Exit mobile version