Horrific Road Accident In Bor dirak Tinali : কাকপথাৰৰ বৰডিৰাক তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা

দ্ৰতবেগী ট্রাক মহটিয়াই নিলে এখন মেজিক বাহন, থিতাতে নিহত ৭ ,আহত ১২ জন ৪ জনৰ অৱস্থা সংকটজনক

accident 1

Horrific Road Accident In Bor dirak Tinali :

তিনিচুকীয়াৰ কাকপথাৰৰ বৰডিৰাক তিনিআলিত মঙলবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। ট্রাক আৰু মেজিকৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত থিতাতে নিহত ৭গৰাকী আৰু আহত হয় ১২ জন। ইয়াৰে চাৰিজনৰ অৱস্থা সংকটজনক ৷

উদ্থাপিত অভিযোগ অনুসৰি ট্ৰাকখনৰ চালকে সুৰাপান কৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। অত্যধিক মদ্যপান কৰি অৰুণাচল প্ৰদেশৰ দিশৰ পৰা আহি আছিল ট্ৰাক খন। ট্ৰাকখনৰ নম্বৰ এএছ২৩চি চি ৮৯৩০ আৰু টাটা মেজিক খনৰ নম্বৰ এ আৰ ২০এ-১০৯৩ ।

আনহাতে দুৰ্ঘটনাক কেন্দ্র কৰি অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি। অৱশ্যে কিছু সময় পাছতে আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ নিহত পাঁচজন লোক ক্ৰমে বিলি বৰুৱা, ৰিণা গগৈ, মিহিধৰ নেওগ, জোনালী মৰাণ পবেন মৰাণ (চালক)। আন দুগৰাকী চিনাক্ত কৰিব পৰা হোৱা নাই ৷  আহত সকল হ’ল ক্ৰমে এবলতা মৰাণ, পিংকী মৰাণ আৰু মাকন গগৈ অতুল গগৈ, বুৰঞ্জীত মৰাণ, জোনালী মৰাণ, বিকাশ নেওগ, গোলেশ্বৰ মৰাণ, মনো মৰাণ, যশোদা মৰাণ, লক্ষিমণী মৰাণ ।

উল্লেখ্য যে,দুৰ্ঘটনা পতিত মেজিক খনৰ আৰোহী আটাইয়ে শাক পাচলিৰ ক্ষুদ্ৰ ব্যৱসায়ী ৷ আটাইয়ে ডুমডুমাৰ সাপ্তাহিক বজাৰৰ পৰা ঘৰলৈ ঘূৰাৰ পথত এই দুৰ্ঘটনা সংঘটিত হয় ।

দুৰ্ঘটনা সংঘটিত হোৱাা পাছতে ট্ৰাক সহ সুৰামত্ত চালক জনক আৰক্ষীয়ে আটক কৰে ৷ মৃতদেহ সমূহ মৰনোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰাৰ বিপৰীতে আহত সকলক ডিব্ৰুগড়স্থ অসম মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ ইয়াৰে চাৰিজনক অতি সংকট জনক অৱস্থাত এএম চিএইচৰ ৰ চেন্টেল আই চিইউত ভৰ্তি কৰা হয়।

ইপিনে , মঙলবাৰে নিশা সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ এটা দিন উকলি যোৱাৰ পাছতো মৃতদেহ মৰনোত্তৰ পৰীক্ষাত  বিলম্ব কৰাত মৃতকৰ আত্মীয় ক্ষোভিত হৈ পৰে ৷ একেদৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত এই পৰ্যন্ত এজনো জনপ্ৰতিনিধি বা দল-সংগঠনক দুৰ্ঘটনাৰ খবৰ নোলোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰে ৷

Exit mobile version