Public Protest Against Electricity Department:বিদ্যুত বিভাগৰ অকৰ্মণ্যতাত অতিষ্ঠ ৰাইজ

নগাঁৱৰ ননৈ গোমোঠা গাঁৱৰ ৰাইজৰ অভিনৱ প্ৰতিবাদ,ৰাইজে জেনেৰেটৰ ভাড়া কৰি একেলগে আশ্ৰয় ল'লে নামঘৰত

public protest

Public Protest Against Electricity Department:

আছে গৰু নেবাই হাল,হোৱাতকৈ নোহোৱাই ভাল ৷ এই বাক্য শাৰী প্ৰযোজ্য হৈছে ৰাজ্যৰ বিদ্যুত বিভাগৰ ক্ষেত্ৰত ৷ শেহতীয়াকৈ বিভাগটোৰ অকৰ্মণ্যতাক লৈ অতিষ্ঠ হৈ পৰিছে ৰাইজ।

এফালে ভদীয়া মাহৰ উৎকট গৰম ৷ আনফালে বিদ্যুতৰ সঘনাই হৈ থকা লোড শ্বেডিং আৰু কম ভল্টেজৰ বাবে জ্বলাকলা খাইছে ৰাইজে  ৷ এপি ডিছিএলে নিৰ্ধাৰিত কৰি দিয়া উচ্চনিৰিখৰ বিদ্যুতৰ বিল আদায় দিয়াৰ পিছতো ৰাইজে নিয়মীয়াকৈ পোৱা নাই বিদ্যুত যোগান ৷

চহৰীয়া অঞ্চলৰ ৰাইজে কিছু সকাহ পাইছে যদিও গ্ৰামাঞ্চলৰ ৰাইজে নিয়মীয়াকৈ বিদ্যুত পোৱাটো দূৰৰে কথা ৷ যিকন সময় থাকে তাকো ল-ভল্টেজৰ সমস্যা ৷

নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ননৈ গোমোঠা গাঁৱত ৰাইজে বিদ্যুতৰ অভাৱত অতিষ্ঠ হৈ এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাইজে সমূহীয়াভাৱে ভাড়া কৰি আনিলে এটা জেনেৰেটৰ ৷ এই জেনেৰেটৰ জৰিয়তে গাঁও খনৰ সকলো ৰাইজে নামঘৰত একেলগে আশ্ৰয় গ্ৰহণ কৰিব লগা এক পৰিস্থিতিৰ সৃষ্টি হয়।

উল্লেখ্য যে,দীৰ্ঘদিন ধৰি অঞ্চলটোৰ ৰাইজে নিয়মীয়া বিদ্যুত যোগানৰ পৰা বঞ্চিত হৈ আহিছে। আনকি এই সন্দৰ্ভত স্থানীয় বিধায়ক জিতু গোস্বামীৰ জৰিয়তে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে যদিও পোৱা নাই সুফল ৷

আনকি এই ক্ষেত্ৰত বিধায়ক গৰাকীৰ ভূমিকাক লৈয়ো ক্ষোভিত ৰাইজ। অৱশেষত ৰাইজে নিজাববীয়াকৈ জেনেৰেটৰ ভাড়া কৰি নামঘৰত আশ্ৰয় লৈ ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে ৷

ৰাইজৰ আহ্বান স্থানীয় বিধায়ক আৰু চৰকাৰলৈ ৷ বিদ্যুত যোগান নিয়মীয়া কৰক ৷

Exit mobile version