BJP And Asom Gana Parishad Spokespersons Meet Held :বিজেপি আৰু অসম গণ পৰিষদৰ মুখপাত্র সকলৰ বৈঠক সম্পন্ন

bjp 1 1

BJP And Asom Gana Parishad Spokespersons Meet Held :

ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত আজি ৰাজ্যিক বিজেপি আৰু অসম গণ পৰিষদৰ মুখপাত্ৰ সকলৰ এক সন্মিলিত বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদকদ্বয় সাংসদ পল্লৱ লোচন দাস, দ্বিল্লুৰঞ্জন শর্মা, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, মুখ্য মুখপাত্র মনোজ বৰুৱা, সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল, অসম গণ পৰিষদৰ উপ সভাপতিদ্বয় দিলীপ পাটগিৰী, সুনীল ডেকা, সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সাধাৰণ সম্পাদক মনোজ শ‍ইকীয়াৰ লগতে দুয়োটা দলৰ মুখপাত্র সকল উপস্থিত আছিল।

বিজেপিৰ মুখ্য কাৰ্যালয়ত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা সভাখনত দুয়োটা দলৰ প্ৰতিনিধি সকলে আগন্তুক দিনত কেনেদৰে আৰু অধিক সমিল-মিলেৰে কর্মপদ্ধতি গ্ৰহণ কৰিব সেই বিষয়ত বিস্তৃতভাৱে আলোচনা কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে দেশ তথা ৰাজ্যৰ উন্নয়নৰ বাবে অসংখ্য কল্যাণমূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসূচীসমূহ অধিক ফলপ্রসূ হোৱাকৈ ৰাইজৰ মাজলৈ কঢ়িয়াই নিয়াৰ বাবেও সভাত লোৱা হয় কেতবোৰ সিদ্ধান্ত

সমাগত লোকসভা নিৰ্বাচনৰ লগতে আহি থকা সকলো নিৰ্বাচনত দুয়োটা দলৰ সংবাদ বিভাগে সন্মিলিতভৱে ৰণনীতি তৈয়াৰ কৰি আগবাঢ়িব বুলিও সিদ্ধান্ত গ্ৰহণ কৰে।

Exit mobile version