Ceasefire Agreement Between NSCN(K)Nikki Sumi Group And Central Government:এন এছ চিএন (কে)নিক্কি চুমী গোট আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যুদ্ধবিৰতি চুক্তি পুনৰ এবছৰলৈ বৃদ্ধি

WhatsApp Image 2023 09 07 at 2.07.40 PM

Ceasefire Agreement Between NSCN(K)Nikki Sumi Group And Central Government:

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত স্থায়ী শান্তি বাহাল ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু এন এছ চি এন(কে ) গোটে চলিত বৰ্ষৰ ৮ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ যুদ্ধবিৰতি চুক্তিখন অহা বৰ্ষৰ ৭ ছেপ্টেম্বৰলৈকে পুনৰ এবছৰৰ বাবে বৃদ্ধি কৰে।

ADVERTISEMENT

নতুন দিল্লীত সম্পন্ন হোৱা এই যুদ্ধবিৰতি চুক্তিত কেন্দ্ৰীয় চৰকাৰ আৰু এন এছ চি এন(কে) ৰ প্ৰতিনিধিয়ে যৌথভাৱে স্বাক্ষৰ কৰে ৷কেন্দ্ৰীয় চৰকাৰৰ হৈ গৃহমন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব পিয়ুষ গোৱাল আৰু এন এছ চি এন (কে) নিকি– যুদ্ধ বিৰতি চুক্তি নিৰীক্ষণ সমিতিৰ তত্বাৱধায়ক এবেল জিংৰু থুয়াৰ আৰু সম্পাদক উকেটো জেড চফীয়ে চুক্তিত স্বাক্ষৰদান কৰে ।

উল্লেখ্য যে, যুদ্ধবিৰতি চুক্তি দুয়োপক্ষৰ পাৰস্পৰিক সহমতত স্বাক্ষৰিত হৈছে ৷ এনে প্ৰেক্ষাপটত যুদ্ধবিৰতিৰ নিয়ম সমূহ পালন কৰিব লাগিব বুলি স্পষ্ট কৰি দিয়ে গৃহ মন্ত্ৰণালয়ে ৷

Exit mobile version