CpI(M) Protest:ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধি ৰোধৰ দাবীত

চি পি আই এমৰ কামৰূপ মহানগৰ জিলা কমিটিৰ বিক্ষোভ কাৰ্যসূচী

cpim

CpI(M) Protest:

ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধি ৰোধ, নিযুক্তিৰ নামত দুৰ্নীতি বন্ধ কৰা, নিবনুৱা সমস্যা সমাধান আদি বিভিন্ন দাবীৰে বৃহস্পতিবাৰে মহানগৰীৰ মেঘদূত ভৱনৰ সমীপত চি পি আই এমৰ কামৰূপ মহানগৰ জিলা কমিটিৰ এক বিক্ষোভ কার্যসূচী ৰূপায়ণ কৰে ৷

চি পি আই এমৰ অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে হাতত প্লেকাৰ্ড লৈ দুপৰীয়া ভাগত কাছাৰীৰ মুখ্য ডাকঘৰ মেঘদূত ভৱনৰ সন্মুখত উপস্থিত হৈ খাদ্য, ঔষধ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম হ্ৰাস কৰা, চাউল, দাইল, আটা, মিঠাতেল, চেনি আদি কৰি প্ৰয়োজনীয় সামগ্ৰী সস্তা দৰত যোগান ধৰাৰ ব্যৱস্থা কৰা; পে’ট্ৰল, ডিজেলৰ দাম হ্ৰাস কৰা আৰু নতুন কৰ্মসংস্থান সৃষ্টি কৰা, সকলো খালী পদ পূৰণ কৰা , ঠিকাভিত্তিক আৰু কেজুৱেল হিচাপে কাম কৰি থকা সকলৰ পদসমূহ স্থায়ী কৰা, আঁচনিভুক্ত কৰ্মচাৰীক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়াৰ দাবীত বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে ৷

Exit mobile version