Subhalaksmi Dutta Surrendered : অসম আৰক্ষীয়ে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পিছতে শুভলক্ষ্মী দত্তৰ আত্মসমৰ্পণ

শিৱসাগৰৰ এছ পিৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পাছতে গ্ৰেপ্তাৰ

subhalakshmi

Subhalaksmi Dutta Surrendered :

অসম আৰক্ষীয়ে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পিছতে শুভলক্ষ্মী দত্তৰ আত্মসমৰ্পণ৷শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ এছ পিৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পাছতে গ্ৰেপ্তাৰ কৰা হয় নিলম্বিত এএছপি শুভলক্ষ্মী দত্তক।

শিৱসাগৰ আৰক্ষীয়ে জিম্মাত লোৱাৰ পাছতে নাজিৰা থানালৈ অনা হয় সোধপোছৰ বাবে৷উল্লেখ্য যে, আজি বন্ধৰ দিন হোৱা বাবে বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব শুভলক্ষ্মীক। জানিব পৰা মতে অধিক জেৰাৰ বাবে আৰক্ষীয়ে নিজৰ জিন্মাত বিচাৰিব পাৰে ৷

নিজৰ চৰকাৰী বাসগৃহত নিয়োজিত বনকৰা মহিলা অনিমা প্ৰজাৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱাৰ গোচৰত অভিযুক্ত হৈ নাজিৰাৰ পৰা পলায়ন কৰে বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত৷ইয়াৰ মাজতে নিলম্বিত হয় দত্ত ৷

আনহাতে নাজিৰা থানাত পঞ্জীভূক্ত গোচৰত নিলম্বিত এএছপি শুভলক্ষ্মী দত্তক আৰক্ষী ওচৰত হাজিৰ হ’বলৈ আহ্বান জনোৱা হৈছিল যদিও আত্মগোপন কৰি শেহতীয়াকৈ গুৱাহাটীত প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ ফ্লেটত বাহৰ পাতি আছিল ৷

ইপিনে শিৱসাগৰ আৰক্ষীয়ে অভিযান চলাবৰ বাবে গুৱাহাটীলৈ অহাৰ সম্ভেদ পায় অতি কৌশলৰে ফ্লেটৰ পিছদুৱাৰেদি পলায়ন কৰে ৷

উল্লেখ্য যে,শুভলক্ষ্মী দত্তই ফ্লেট কেম্পাচৰ সন্মুখৰ গেট পাৰ হ’ বলৈ চেষ্টা কৰাৰ দৃশ্য বন্দী হৈ চিচিটিভিত ৷ তাৰ পাছৰে পৰা কোনো সম্বেদ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল শিৱসাগৰ আৰক্ষীয়ে।

ইয়াৰ মাজতে শুক্ৰবাৰে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধানে এক সংবাদমেলত ঘোষণা কৰি কয় যে,শীৰ্ঘেই নিলম্বিত এএছপি শুভলক্ষ্মী দত্তই স্বইচ্ছাৰে আত্মসমৰ্পণ নকৰিলে পলাতক ঘোষণা কৰি বিহিত ব্যৱস্থা লোৱা হ’ব ৷

অৱশেষত আজি দুসপ্তাহ দিন ধৰি আত্মগোপন কৰি থকা বহু বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় ৷

Exit mobile version