Udalguri:গিনিছ ৰেকৰ্ডৰ সাক্ষী হোৱাৰ পথত ওদালগুৰি জিলাৱাসী

হাজাৰ বিঘাতকৈ অধিক উৰ্বৰ ভূমিত ১০ লক্ষাধিক বৃক্ষৰোপনৰ লক্ষ্য

udalguri

Udalguri:

বৃক্ষৰোপনেৰে পুনৰ প্ৰায় নটাকৈ গিনিছ ৰেকৰ্ডৰ সাক্ষী হবলৈ গৈ আছে অসম। ইয়াৰ ভিতৰত এক অন্যতম ৰেকৰ্ডৰ সাক্ষী হবলৈ ওলাইছে ওদালগুৰি। উল্লেখ্য যে অসম চৰকাৰে আৰম্ভ কৰা অমৃত বৃক্ষ আন্দোলনৰ অংশস্বৰূপে অসম চৰকাৰে হাতত লৈছে নটাকৈ গিনিছ ৰেকৰ্ড গঢ়াৰ প্ৰচেষ্টা।

ইয়াৰ ভিতৰত গুৱাহাটীৰ খানাপাৰা, ওদালগুৰিৰ ভৈৰৱকুণ্ড-চিকাৰীদাঙ্গা অঞ্চল, ডিব্ৰুগড়, ডিগবৈ, শিৱসাগৰৰ লগতে অনলাইন পঞ্জীয়নৰ দ্বাৰা বৃক্ষৰোপন কৰি ৰেকৰ্ড গঢ়াৰ প্ৰচেষ্টা হাতত লৈছে।

ইয়াৰ ভিতৰত অন্যতম ৰেকৰ্ডৰ স্থান ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড-চিকাৰীদাঙ্গা অঞ্চল। ২৪ ঘণ্টাৰ ভিতৰত আটাইতকৈ বেছি গছপুলি ৰোপনেৰে এই ৰেকৰ্ড গঢ়াৰ চেষ্টা হাতত লৈছে। যাৰ ফলস্বৰূপে আগন্তুক ১৪ ছেপ্টেম্বৰ তাৰিখে ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড-চিকাৰীদাঙ্গা অঞ্চলত ২৪ ঘণ্টাৰ ভিতৰত প্ৰায় এহেজাৰতকৈ অধিক উৰ্বৰ ভূমিত ১০ লক্ষাধিক গছপুলি ৰোপনেৰে গিনিছ ৰেকৰ্ড কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

ইয়াৰ পূৰ্ৱে ২৪ ঘণ্টাত ৮,৪৭,২৭৫ জোপা গছপুলি ৰোপনৰ এটা ৰেকৰ্ড আছে যদিও এইবেলি ওদালগুৰিৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী উক্ত অঞ্চলটোত প্ৰায় ১০ লক্ষাধিক গছপুলি ৰোপন কৰি পূৰ্ৱৰ অভিলেখ ভংগ কৰাৰ প্ৰচেষ্টাত সকলো হাতে কামে লাগিছে। ওদালগুৰি ধনশিৰি বন সংমণ্ডলৰ বন বিষয়া-কৰ্মচাৰীৰ তত্বাৱধান তথা স্থানীয় জনসাধাৰণৰ সহযোগত এই কাৰ্য সম্পাদনৰ বাবে ইতিমধ্যে প্ৰতিদিনে কাম চলি আছে।

বিটিআৰ চৰকাৰেও বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কামৰ অগ্ৰগতিৰ বুজ লোৱা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে নিজেই উক্ত স্থান পৰিদৰ্শন কৰি কামৰ বুজ লয়। বড়োৱে কয় “আমি বৃক্ষৰোপনেৰে গ্ৰীণ বড়োলেণ্ডৰ সপোন দেখিছো।

গ্ৰীণ বড’লেণ্ড কেৱল এটা মিছন নহয়, ই এটা কৰ্তব্য য’ত আমি সফল হ’ব লাগিব। আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰকৃতিৰ বুকত বৃক্ষৰোপন কৰিব লাগে। এয়া হব আগন্তুক প্ৰজন্মৰ বাবে এক আশীৰ্বাদ।

ফলস্বৰূপে অসম চৰকাৰৰ সহযোগত ১৪ ছেপ্টেম্বৰত বিটিআৰৰ জনসাধাৰণে ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড-চিকাৰীদাঙ্গা অঞ্চলত ১০০০ বিঘাতকৈও অধিক উৰ্বৰ ভূমিত ১০ লাখ পুলি ৰোপণেৰে গিনিজ বিশ্ব অভিলেখ গঢ়ি ইতিহাস স্থাপনৰ লক্ষ্য হাতত লোৱা হৈছে।”

উল্লেখ্য যে ১৪ ছেপ্টেম্বৰত হবলগীয়া এই বৃক্ষৰোপণ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োকে ধৰি বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ উপস্থিত থাকিব।

মন কৰিবলগীয়া বিষয় যে বিভিন্ন কাৰণত বছৰি হাজাৰ হাজাৰ গছ কটা, সেউজীয়া পাহাৰবোৰ টকলা কৰাৰ ফলত প্ৰতিবছৰে বৃদ্ধি পাই আহিছে গোলকীয় উষ্ণতা। যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৱাসীয়ে গৰমত ককবকাবলৈ বাধ্য হৈছে।

তেনে সময়ত ৰাজ্য চৰকাৰৰ এই বৃক্ষৰোপন কাৰ্যসূচীটোৱে আগন্তুক প্ৰজন্মৰ বাবে আশীৰ্বাদ হব বুলি পৰিৱেশ প্ৰেমীসকলে উল্লেখ কৰি ৰোপন কৰি গছপুলিবোৰ প্ৰতিপালন কৰাৰ ক্ষেত্ৰতো যেন চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে সকলোৱে আশা প্ৰকাশ কৰিছে।

Exit mobile version