Zubin Garg:ৰাজগড়ৰ চাহ বাগিচাৰ পৰিবেশত ব্যস্ত জুবিন গাৰ্গ 

zg

Zubin Garg:

বৃহত্তৰ টিংখাং সমষ্টিত চাহ বাগিচাৰ পৰিবেশত জনপ্ৰিয় কণ্ঠ শিল্পী তথা অভিনেতা জুবিন গাৰ্গ। উজনি অসমৰ চাহ অধ্যুষিত অঞ্চল টিংখাঙৰ চাহ বাগিচাৰ পৰিবেশৰ দৃশ্য এইবাৰ জিলিকি উঠিব জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অভিনয় আৰু সংগীত পৰিচালনাৰে মুক্তি পাব লগা নতুন ছবি “চিকাৰ”ত ।

চাহ বাগিচা পৰিবেশৰ দৃশ্য গ্ৰহণ কৰিবলৈ ইতিমধ্যে টিংখাঙত উপস্থিত হৈ জুবিনে আৰম্ভ কৰিলে দৃশ্য গ্ৰহণ । উৎকট গৰমতো ৭ ছেপ্টেম্বৰত টিংখাং চাহ বাগিচাত ‘চিকাৰ’ বোলছৱিৰ দৃশ্য গ্ৰহনত ব্যস্ত থকা দেখা গল জুবিন গাৰ্গক ।

উল্লেখযোগ্য যে মু্ক্তি পাব লগীয়া উক্ত ছবিখনথ জুবিনে এজন আদিবাসী যুৱকৰ চৰিত্ৰত অভিনয় কৰিছে । পথমবাৰলৈ এটা ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিবলৈ পায় যথেষ্ট আনন্দিত বুলি কয় জুবিন গাৰ্গে । বোলছৱিখনৰ ৭০ শতাংশ দৃশ্য গ্ৰহন লণ্ডনত হব ।

নতুন চিন্তাধাৰাৰে নিৰ্মাণ কৰা চিকাৰ বোলছবি খনত বিদেশৰ শিল্পীয়েও অভিনয় কৰিব বুলি জানিবলৈ দিয়ে । সেয়ে অসমবাসীলৈ এখন সুন্দৰ বোলছবি উপহাৰ দিব পাৰিব বুলি আশাবাদী শিল্পী জুবিন গাৰ্গ । ইপিনে মৰমৰ শিল্পী গৰাকীক এবাৰ কাষৰ পৰা চাবলৈ জনসমাগম ঘটে টিংখাঙত ।

Exit mobile version