Chirang:
নিজ জন্মদাত্ৰী পিতৃ-মাতৃয়ে বিক্ৰী কৰে নিজৰ সন্তানক ৷ এই অমানৱীয় ঘটনা সংঘটিত হয় চিৰাঙৰ খুংগ্ৰীং গাঁৱত ৷
আৰ্থিক দৈনতাৰ বাবেই চিৰাঙৰ ৰুণীখাটাৰ খুংগ্ৰীং গাঁৱৰ বাসিন্দা অবিনাশ বৰগয়াৰীয়ে একলাখ টকাৰ বিনিময়ত দুই পুত্ৰ সন্তানক বিক্ৰী কৰে ৷
উল্লেখ্য যে,প্ৰথমটো ডেৰবছৰীয়া পুত্ৰ সন্তানটি ৪০ হেজাৰত বিক্ৰী কৰে ২০২২ৰ নৱেম্বৰত ৷ আনহাতে দ্বিতীয়টো পুত্ৰ সন্তান বিক্ৰী কৰে চলিতবৰ্ষৰ জুলাই মাহত ৬০ হেজাৰ টকাৰ বিনিময়ত ৷
ইতিমধ্যে আৰক্ষী জালত পৰা অবিনাশ বৰগয়াৰীয়ে আৰক্ষীক সদৰি কৰা মতে,ঢেকীয়াজুলিৰ নীৰন স্বৰ্গীয়াৰী নামৰ লোকজনৰ ওচৰত বিক্ৰী কৰে শেহতীয়া সন্তানটি ৷
সাংবাদিকৰ আগত অবিনাশ বৰগয়াৰীয়ে সদৰি কৰা মতে, আৰ্থিক দৈন্যৰ বাবেই তেওঁলোকে সন্তান দুটি বিক্ৰী কৰিবলৈ বাধ্য হৈছিল ৷
ইতিমধ্যে আৰক্ষীয়ে অবিনাশ বৰগয়াৰীয়ে দিয়া স্বীকাৰোক্তি অনুসৰি ইতিমধ্যে শিশু ক্ৰয় কৰা দুজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে জেল হাজোতলৈ ৷