Financial Assistance Of Rs 4 Lakh To Karunadhara:
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট শিক্ষাবিদ প্ৰয়াত হোমেন বৰগোহাঞিৰ নেতৃত্বত সমাজৰ বিশেষ ভাৱে সক্ষম আৰু আৰ্থিক ভাৱে দুৰ্বল সকলৰ চিকিৎসা সেৱাৰ বাবে গঠন হোৱা স্বেচ্ছাসেৱী অনুষ্ঠান ‘কৰুণাধাৰা’ লৈ বিভিন্ন সময়ত বিভিন্ন জনে আৰ্থিক সাহায্য আগবঢ়ায় আহিছে ৷
দেওবাৰে দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাত মেঘাচাম শিল ব্যৱসায়ী কল্যাণ সন্থাই কৰুণাধাৰালৈ চাৰি লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায় ৷
মেঘাচাম শিল ব্যৱসায়ী কল্যাণ সন্থাৰ পৰা সম্পাদক গিৰিকান্ত মহন্ত , উপ-সভাপতি লাচিত বড়ো , পঙ্কজ মেধি, ধনেশ্বৰ ডেকা আদি ব্যক্তিসকল উপস্থিত থাকে।
এই সভাতেই কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰূপালী দেৱীৰ স্বামীৰ হাতত দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ পৰা সভাপতি অখিল চন্দ্ৰ গোস্বামীয়ে নগদ পচিশ হাজাৰ টকা আগবঢ়ায় ।
দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ আই-মাতৃ সকলে দুৰ্গা বন্দনাৰে আৰম্ভ কৰা সভাখনৰ আতঁ ধৰে মন্দিৰ পৰিচালনা সমিতিৰ হীৰেণ চহৰীয়াই ৷