Gurav Gogoi:প্ৰধানমন্ত্ৰী সহ সপত্নী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো শ্বেয়াৰ সাংসদ গৌৰৱ গগৈৰ

hbs new

Gurav Gogoi:

ৰাজনীতিৰ পথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে অহিনকুল কংগ্ৰেছৰ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে নিজৰ ফেচবুক পেজত শ্বেয়াৰ কৰিলে সপত্নীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন ফটো ৷ ফটো খনৰ মাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷আৰু দুয়োকাষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰিনিকী ভূঞা শৰ্মা ৷

অৱশ্যে সপত্নীক মুখ্যমন্ত্ৰীৰ ফটো শ্বেয়াৰ কৰি কটাক্ষ কৰি লিখিলে আদৰণীয় প্ৰধান মন্ত্ৰী মোডী ডাঙৰীয়া, আপোনাৰ চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকী ভূঞা শৰ্মা দ্বাৰা পৰিচালিত এটা ব্যক্তিগত কোম্পানী ১০ কোটি টকাৰ ৰাজসাহায্য দিছে।
এইয়া ৰেবড়ী নে ৰাবৰি ? এই কাৰণেই নেকি মানুহে কৰ দি আছে ? উল্লেখ্য যে,গৌৰৱ গগৈয়ে ৰাবৰি লগত তুলনা কৰিছে ৰিনিকি ভূঞা শৰ্মাক ৷ মনকৰিবলগীয়া যে, ৰাবৰী হৈছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু যাদৱৰ পত্নী ৷ যিনেকি অশিক্ষিতা মহিলা হিচাপে পাকঘৰৰ পৰা পোনে পোনে মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিছিল ৷

Exit mobile version