HSLC Examination:
সকলো উৎকণ্ঠাৰ অন্ত পেলাই ছেবাই ঘোষণা কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষা দিন ৷ ইয়াৰ লগতে ঘোষণা কৰে কেতবোৰ নতুন নিৰ্দেশনা ৷
সেই অনুসৰি অহাবৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ’ব মেট্ৰিক পৰীক্ষা। আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ ছেবাৰ জাৰি কৰা নতুন নির্দেশনানুৰি অৱজেকটিভ প্রশ্নত থাকিব মুঠ নম্বৰৰ ৫০%।
একেদৰে অএম আৰ শ্বীটত শিক্ষার্থীসকলে দিব লাগিব উত্তৰ। বাকী ৫০% উত্তৰবহীত পূৰ্বৰ দৰে লিখিব লাগিব।
মুঠ ১৬টা পৃষ্ঠাৰ উত্তৰবহী যোগান ধৰা হ’ব শিক্ষাৰ্থীক। অৱশ্যে এই নিয়ম প্ৰযোজ্য হ’ব ইংৰাজী, গণিত, সমাজ বিজ্ঞান আৰু বিজ্ঞানৰ বিষয়ৰ ক্ষেত্ৰত ।