HSLC Examination:হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ ছেবাৰ নতুন নিৰ্দেশনা

ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত হ'ব পৰীক্ষা, অৱজেকটিভ প্ৰশ্নত থাকিব মুঠ নম্বৰৰ ৫০%, অএম আৰ শ্বীটত শিক্ষাৰ্থীয়ে দিব লাগিব উত্তৰ

seba

HSLC Examination:

সকলো উৎকণ্ঠাৰ অন্ত পেলাই ছেবাই ঘোষণা কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষা দিন ৷ ইয়াৰ লগতে ঘোষণা কৰে কেতবোৰ নতুন নিৰ্দেশনা

সেই অনুসৰি অহাবৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ’ব মেট্ৰিক পৰীক্ষা। আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ ছেবাৰ জাৰি কৰা নতুন নির্দেশনানুৰি অৱজেকটিভ প্রশ্নত থাকিব মুঠ নম্বৰৰ ৫০%।

একেদৰে অএম আৰ শ্বীটত শিক্ষার্থীসকলে দিব লাগিব উত্তৰ। বাকী ৫০% উত্তৰবহীত পূৰ্বৰ দৰে লিখিব লাগিব।

মুঠ ১৬টা পৃষ্ঠাৰ উত্তৰবহী যোগান ধৰা হ’ব শিক্ষাৰ্থীক। অৱশ্যে এই নিয়ম প্ৰযোজ্য হ’ব ইংৰাজী, গণিত, সমাজ বিজ্ঞান আৰু বিজ্ঞানৰ বিষয়ৰ ক্ষেত্ৰত ।

Exit mobile version