Student Kidnapping:শিৱসাগৰ আমগুৰিত চাঞ্চল্যকৰ ঘটনা

বিদ্যালয়ৰ পাঠদান চলি থকা অৱস্থাতে তৃতীয় শ্রেণীৰ ছাত্রক অপহৰণ

studend kidnaping

Student Kidnapping:

শিৱসাগৰৰ আমগুৰিত অঘটন। বিদ্যালয়ৰ পাঠদান চলি থকা অৱস্থাতে এজন তৃতীয় শ্রেণীৰ ছাত্রক অপহৰণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ আমগুৰিত।

বুধবাৰে সংঘটিত হয় এই অপহৰণ কাণ্ড ৷ প্ৰাপ্ত খবৰ অনুসৰি আমগুৰি চহৰৰ মাজমজিয়াত থকা মণ্টেশ্বৰী জাতীয় বিদ্যালয়ৰ পৰা অনিকীত দুৱৰী অপহৰণ কৰে অচিনাক্ত দুৰ্বৃত্তই

তিনি দুৰ্বৃত্ত বিদ্যালয়লৈ আহি অতি কৌশলৰে অপহৰণ কৰে অনিকীতক। আনহাতে অপহৰণ কাণ্ড সংঘটিতৰ পাছতে হুৱাদুৱা লাগে শিক্ষানুষ্ঠান আৰু অনিকীতৰ বাসগৃহত ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত আমগুৰি থানাত বিদ্যালয় কৰ্তৃপক্ষই আৰু অপহ্ত ছাত্ৰগৰাকীৰ পিতৃয়েও সুকীয়া সুকীয়াকৈ দাখিল কৰে এজাহাৰ

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ক্ষীপতাৰে আৰম্ভ কৰিছে তদন্ত। আৰক্ষী নিশ্চিত ,শীৰ্ঘেই আৰক্ষীৰ জালত পৰিব অপহৰণকাৰী

Exit mobile version