Chandra Mohan Patowary:বিৰোধীক দেখুৱালে বুঢ়া আঙুলি !

বিধানসভাত জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন,সদন ত্যাগ কংগ্ৰেছৰ

cm

Chandra Mohan Patowary:

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি চতুৰ্থ দিন ৷ আজি সদনৰ কাৰ্যক্ৰমণিকাত প্ৰশ্নোত্তৰ শিতান চলি থকা সময়তে অখিল গগৈয়ে সোধা এক প্ৰশ্নক লৈ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু গগৈৰ মাজত বাকবিতণ্ডা হয় ৷

ইয়াৰ মাজতে ক্ষুব্ধ মন্ত্ৰী পাটোৱাৰীয়ে বিৰোধীক বুঢ়া আঙুলি দেখুৱাক লৈ সদন উত্তাল হৈ পৰে ৷ জ্যেষ্ঠ মন্ত্ৰীৰ এনে অশোভনীয় আচৰণৰ পিছতে সদন ত্যাগ কৰে কংগ্ৰেছে।

উল্লেখ্য যে,বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উত্থাপন কৰিছিল সংখ্যালঘু উন্নয়ন বিভাগৰ পুঁজিৰ ব্যৱহাৰক লৈ কেতবোৰ প্ৰশ্ন।

শইকীয়াই উদ্থাপন কৰা প্ৰশ্নোত্তৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিৰোধীৰ ফালে বুঢ়া আঙুলি দেখুৱাই ৷ এনে অনাকাংক্ষিত কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠে কংগ্ৰেছ সহ বিৰোধী বিধায়ক সকল ৷ মন্ত্ৰী গৰাকীয়ে একপ্ৰকাৰ বিধানসভাৰ মৰ্যাদা ম্লান কৰিছে বুলি মন্তব্য কৰে কংগ্ৰেছ বিধায়কসকলে ৷

উল্লেখ্য যে,সংখ্যালঘু উন্নয়ন বিভাগৰ ব্যৱহাৰিক প্ৰমাণ পত্ৰ(Utilization Certificate) প্ৰদানত ব্যৰ্থ হৈছে কিয়? একেদৰে উপায়ুক্তসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নাই কিয় বুলি বিভাগীয় মন্ত্ৰী পাটোৱাৰীৰ পৰা উত্তৰ বিচৰা হৈছিল ৷ কিন্ত  মন্ত্ৰী গৰাকীয়ে চালেবেৰে কোবাই সঠিক উত্তৰ দিয়া নাই বুলি বিৰোধী বিধায়ক সকলে সোচ্ছাৰ হৈ পৰে ৷ ইয়াৰ মাজতে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে কয়,মন্ত্ৰীৰ উত্তৰ সন্তোষজনক নহয়। বেয়া উত্তৰ দিছে ৷

অখিল গগৈৰ কথাত একপ্ৰকাৰ খঙত অগ্নিশৰ্মা হৈ উঠে পাটোৱাৰী। মন্ত্ৰী পাটোৱাৰীয়ে থিয় হৈ কয়, ‘‘অখিল গগৈ, আপুনি মোক একো নাজানো বুলি কৈছে। মোক অখিল গগৈৰ চাৰ্টিফিকেট নালাগে’’ বুলি মন্ত্ৰী পাটোৱাৰীয়ে দুয়োখন হাত দাঙি বুঢ়া আঙুলি দেখুৱায়।

মন্ত্ৰীয়ে হঠাতে প্ৰদৰ্শন কৰা এই আচৰণক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক্ষোভ প্ৰকাশ কৰে ৷ আনকি আন আন বিৰোধী বিধায়কে কয়, বিৰোধী বিধায়কক বুঢ়া আঙুলি দেখুওৱা এই কাৰ্যই পৱিত্ৰ বিধানসভাৰ গৰিমা ম্লান কৰিলে ।

গণতন্ত্ৰৰ মন্দিৰ স্বৰূপ সদনত এজন জ্যেষ্ঠ মন্ত্ৰীয়ে বুঢ়া আঙুলি দেখুৱাই সতীৰ্থ বিধায়কক অপমান কৰা কাৰ্য অসমৰ বিধানসভাৰ ইতিহাসতে দুৰ্ভাগ্যজনক বুলিও বিৰোধী বিধায়কসকলে মন্তব্য প্ৰকাশ কৰে।

উল্লেখ্য যে,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি হিচাপে অসম আন্দোলনত জপিয়াই পৰৱৰ্তী সময়ত অসম গণ পৰিষদ চৰকাৰ আৰু শেহতীয়াকৈ বিজেপিৰ শাসনত দুবাৰকৈ মন্ত্ৰী পদত উপবিষ্টৰে সুদীৰ্ঘদিনৰ অভিজ্ঞতাপুষ্ট চন্দ্ৰমোহন পাটোৱাৰীয়ে এনেদৰে বিধানসভাৰ মৰ্যাদা লাঘৱ কৰি বিৰোধী বিধায়কক বুঢ়া আঙুলি দেখুওৱা কাৰ্যক গৰিহণা দিছে বিৰোধী দল সমূহৰ বিধায়কে ৷

জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাত কৰা অশোভনীয় আচৰণৰে বিধানসভাৰ বিধিগত অনুশাসন ভংগৰ অভিযোগ বিৰোধী বিধায়কসকলে উদ্থাপন কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক ৷ বিহিত ব্যৱস্থা লবলৈ আহ্বান জনায় অধ্যক্ষ দৈমাৰীক ৷

Exit mobile version