Jagiroad Murder:পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি !

অবৈধ প্ৰেমিকৰে মিলি স্বামীক হত্যা

Jagiroad Murder:

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে পৰকীয়া প্ৰেমজনিত নানান অপৰাধজনিত ঘটনা ৷ শেহতীয়াকৈ পৰকীয়া প্ৰেমক লৈ সৃষ্টি হোৱা কেতবোৰ ঘটনাই চিন্তিত কৰি তুলিছে সচেতন মহলক ৷

পুনৰ পৰকীয়া প্ৰেমৰ বাবে প্ৰাণ গ’ল এজন লোকৰ বুধবাৰে নিশা নিজ পত্নীয়ে পৰকীয়া প্ৰেমৰ বাবে হত্যা কৰিলে স্বামীক।

জাগীৰোডৰ শিলভঙাত সংঘটিত এই জঘণ্য ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

জাগীৰোডৰ শিলভঙা অঞ্চলত অবৈধ প্ৰেমিকৰ সৈতে মিলি এগৰাকী বিবাহিতাই হত্যা কৰিলে স্বামীক। হত্যাৰ বলি হোৱা এই লোকজনৰ নাম আচাদুৰ ৰহমান। জানিব পৰা মতে আচাদুৰ ৰহমানক নিচাজাতীয় দ্ৰব্য সেৱন কৰাই গাড়ীৰ ভিতৰত হত্যা কৰে।

আনহাতে হত্যাকাণ্ডক দুৰ্ঘটনাৰ ৰূপ দিবলৈ লোকজনৰ মৃতদেহটো পেলাইছিল ঘাইপথৰ কাষত । নিশাই জাগীৰোড আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰি গ্ৰেপ্তাৰ কৰে পত্নী ফিৰ’জা খাতুন আৰু অবৈধ প্রেমিক ছফিকুল ইছলামক।

লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰণ্টু বৰদলৈ নামৰ গাড়ী চালকজনকো ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে অধিক তদন্ত ৷

Exit mobile version