Robbery in Haiborgaon:আৰক্ষী চকীৰ সন্মুখতে মাৰণাস্ত্ৰ দেখুৱাই দুৰ্বৃত্তই লুটিলে ১৫ লক্ষাধিক টকা

haoborgaon

Robbery in Haiborgaon:

আছে গৰু নেবায় হাল,হোৱাতকৈ নোহোৱাই ভাল ৷এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল এখন আৰক্ষী চকীৰ ক্ষেত্ৰত ৷ আৰক্ষী চকীৰ সন্মুখৰে পৰা দুৰ্বৃত্তই নিমিষতে লুট কৰি নিয়ে ১৫ লক্ষাধিক টকা ৷

নগাঁও চহৰৰ মাজমজিয়াৰ হয়বৰগাঁও নগৰ আৰক্ষী চকীৰ সন্মুখত দিন-দুপৰতে সংঘটিত হ’ল চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা।

হয়বৰগাঁও এ,টি,ৰোডস্থ আইচিআইচিআই বেংকৰ নগাঁও শাখাৰ পৰা মোস্তাফা ৰহমান নামৰ লোকজনে নগদ ১৫ লাখ টকা উলিয়াই নিজৰ স্ক’ৰপিঅ’ বাহনত উঠি যাব লওঁতেই আগ্নেয়াস্ত্ৰধাৰী দুজনীয়া দুৰ্বৃত্তৰ দলে আগ্নেয়াস্ত্ৰ দেখুৱাই স্ক’ৰপিঅৰ আইনা ভাঙি টকা ভৰ্তি বেগটো লৈ উধাও হয় ৷
উল্লেখ্য যে,মোস্তাফাই বাইকত অহা দুৰ্বৃত্তৰ দলটোক খেদি যায় যদিও হয়বৰগাঁও আৰক্ষী চকীৰ সন্মুখেদি পলায়ন কৰে ৷

স্মতৰ্ৱ্য যে,নগাঁৱৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ মোস্তাফা ৰহমানে তেওঁৰ প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীৰ দৰমহাৰ বাবে টকা উলিয়াইছিল
আইচিআইচিআই বেংকৰ নগাঁও শাখাৰ পৰা ৷

দিন দুপৰতে সংঘটিত এই ডকাইতি কাণ্ড সংঘটিত বহু সময়ৰ পাছতহে হয়বৰগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷

আনহাতে ভুক্তভোগী মোস্তাফাই হয়বৰগাঁও নগৰ আৰক্ষী চকীত এজাহাৰ দিছে যদিও আৰক্ষীয়ে সন্ধান উলিয়াবলৈ সক্ষম হয় দুৰ্বৃত্তৰ দলটোৰ ৷

Exit mobile version