Today Started Parliament Spl Session:আজিৰে পৰা সংসদৰ কাম-কাজ আৰম্ভ হয় নতুন সংসদ ভৱনত

নতুন সংসদত ভৱনত চৰকাৰে উদ্থাপন কৰে ৩৩% মহিলা সংৰক্ষণ বিধেয়ক,খোজকাঢ়ি সংসদ ভৱনলৈ প্ৰধানমন্ত্ৰী মোডী, পুৰণি সংসদ ভৱন এৰিলে মন্ত্ৰী-সাংসদসকলে, বিদায় পূৰ্বে পুৰণি সাংসদ ভৱনত ফটো ছেচন মন্ত্ৰী-সাংসদ

parliament house 6

Today Started Parliament Spl Session:

ইতিহাস হ’ল দেশৰ পুৰণি সাংসদ ভৱন। গণেশ চতুৰ্থীৰ পবিত্ৰ দিনটোতে পুৰণি সাংসদ ভৱন এৰি নতুন সাংসদ ভৱনত প্ৰৱেশ প্ৰধানমন্ত্ৰী সহ মন্ত্ৰী – সাংসদৰ।

মঙলবাৰ পুৱা পুৰণি সংসদ ভৱন এৰাৰ পূৰ্বে মন্ত্ৰী – সাংসদৰ লগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীকো ফটো ছেচনত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ প্ৰধানমন্ত্ৰী মোডীয় পুৰণি সং

 

উল্লেখ্য যে, ফটো ছেচন পৰ্ব শেষ হোৱাৰ পাছতে নতুন সংসদ ভৱনত ১১ বজাৰ পৰা বিশেষ অধিৱেশনৰ প্ৰথম দিনৰ ৰাজ্যসভা আৰু লোকসভাৰ সাংসদসকলৰ উপস্থিতিত বিশেষ সভা আৰম্ভ হয় ৷

লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সভাপতিত্বত অনুষ্ঠিত যৌথ সভাত ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়,প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাষণ দিয়ে ৷
ইপিনে,কেন্দ্ৰীয় চৰকাৰে নতুন সংসদ ভৱনৰ নাম দিছে পাৰ্লিয়ামেণ্ট হাউছ অৱ ইণ্ডিয়া’ হিচাপে ৷

আজিৰ পৰা পাঁচদিনীয়াকৈ আৰম্ভ হোৱা সংসদৰ বিশেষ অধিৱেশনৰ দুপৰীয়া ১.১৫ বজাৰ পৰা আৰম্ভ হয় লোকসভাৰ কাম-কাজ। ইয়াৰ বিপৰীতে দুপৰীয়া ২.১৫ বজাৰ পৰা আৰম্ভ হয় ৰাজ্যসভাৰ কাম-কাজ।

মনকৰিবলগীয়া যে ,লোকসভাৰ বিশেষ অধিৱেশনৰ আজিৰ প্ৰথম দিনটোতে সংসদত কেন্দ্ৰীয় চৰকাৰে উদ্থাপন কৰে ৩৩% মহিলা সংৰক্ষণ বিধেয়ক । বিধেয়ক খন উদ্থাপন কৰে আইন মন্ত্ৰী অৰ্জন ৰাম মেঘৱালে ৷

উল্লেখ্য যে সোমবাৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকে মহিলা সংৰক্ষণ বিধেয়ক মঞ্জুৰী দিয়ে ৷

বুধবাৰে বিলখনৰ ওপৰত বিৰ্তকত নিজ নিজ বক্তব্য উপস্থাপন কৰিব শাসক- বিৰোধী সাংসদ সকলে ৷

Exit mobile version