Latmandal Arrested In Lakhimpur:উৎকোচ লৈ হাত দাঙিলে লাট মণ্ডলে

১ লাখ টকা উৎকোচ লোৱাৰ অভিযোগ লাট মণ্ডল হেমেন্দ্র বৰাৰ বিৰুদ্ধে

latmandal arrested

Latmandal Arrested In Lakhimpur:

ঘোচ লোৱাৰ অভিযোগত ইতিমধ্যে দুনীৰ্তি নিবাৰক শাখাৰ জালত ইজনৰ পাছত সিজনকৈ চৰকাৰী বিষয়া- কৰ্মচাৰী পৰাৰ পাছতো যেন শিকনি হোৱা নাই একাংশ খকুৱা বিষয়া- কৰ্মচাৰী ৷

পুনৰ উৎকোচ লৈ গ্রেপ্তাৰ হ’ল এজন লাট মণ্ডল। লখিমপুৰৰ তিনিকোণীয়াৰ লাট মণ্ডল হেমেন্দ্র বৰাক উৎকোচ লোৱাৰ অভিযোগত গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে।
প্ৰাপ্ত খৱৰ অনুসৰি, এক লাখ টকা উৎকোচ বিচৰা হেমেন্দ্র বৰাই ইতিপূৰ্বেই আগধন হিচাপে ইউ পি আই জৰিয়তে লৈছিল ৫০ হাজাৰ ৷

উল্লেখ্য যে,এজন লোকৰ মাটি ম্যাদীকৰণ কৰি দিয়াৰ বাবদ উৎকোচ দাবী কৰাৰ অভিযোগ উদ্থাপিত হৈছিল ঘোচখোৰ লাট মণ্ডলজনৰ বিৰুদ্ধে।

স্মতৰ্ৱ্য যে, ৫০ হাজাৰ টকা আদায় পোৱাৰ পাছত আজি পুনৰ বাকী থকা ৫০ হাজাৰ টকা লাট মণ্ডলজনে লওতেই ইতিমধ্যে খাপপিটি থকা আৰক্ষী দল এটাই আটক কৰে ৷

আটকাধীন লাট মণ্ডল হেমেন্দ্র বৰাক উত্তৰ লখিমপুৰ আৰক্ষীয়ে সদৰ থানালৈ আনি অব্যাহত ৰাখিছ জেৰা ৷

Exit mobile version