Women’s Reservation Bill Passed In Lok Sabha:লোকসভাত গৃহীত হ’ল মহিলা সংৰক্ষণ বিধেয়ক

৮ ঘণ্টাজোৰা বিতৰ্কৰ অন্তত হয় গৃহীত

loksabha

Women’s Reservation Bill Passed In Lok Sabha:

বহু চৰ্চিত মহিলা সংৰক্ষণ বিধেয়ক খন মঙলবাৰে লোকসভাত আইন মন্ত্ৰী অৰ্জুনৰাম মেঘৱালে উদ্থাপন কৰাৰ পাছত প্ৰায় আঠঘন্টা যোৰা বিৰ্তকৰ অন্তত বুধবাৰে গৃহিত হয় ৷

বিধেয়কখনৰ সপক্ষে ৪৫৪ গৰাকী সাংসদৰ ভোট পৰাৰ বিপৰীতে মাত্ৰ দুগৰাকী সাংসদেহে বিপক্ষে ভোট দিয়ে ৷

উল্লেখ্য যে, আজি লোকসভাত বিধেয়ক খনৰ সম্পৰ্কত বৰ্ষীয়ান কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে কেতবোৰ পৰামৰ্শ আগবঢ়াই সমৰ্থন প্ৰকাশ কৰে ৷

একেদৰে তৃণমূল কংগ্ৰেছ,ডি এম কে সহ বহু কেইটা বিৰোধী দলে বিধেয়ক খনৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে ৷

অৱশ্যে আপৰ সাংসদ তথা জ্যেষ্ঠ নেতা সঞ্জয় সিঙে মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত কেতবোৰ গুৰুত্বৰ অভিযোগ উদ্থাপন কৰে৷ সাংসদ গৰাকীয়ে মোদী চৰকাৰক টাৰ্গেট কৰি কয়, ‘এয়া মহিলা সংৰক্ষণ বিধেয়ক নহয়, মহিলাক বুৰ্বক সজোৱা বিধেয়ক। মোদী চৰকাৰৰ নতুন ‘জুমলা’। এই বিধেয়কখন ২০২৯ চনৰ পাছতো প্ৰযোজ্য নহ’ব’।

প্ৰধানমন্ত্ৰীৰ উদ্দেশ্য যদি সৎ ২০২৪তে বিধেয়কখন কাৰ্যকৰীকৰণৰ কৰক, অন্যথা মহিলাসকলক প্ৰতাৰণা কৰা বন্ধ কৰক।’ নাৰী শক্তি বন্দন বিধেয়কক এইদৰে তীক্ষ্ণ সমালোচনাৰে থকাসৰকা কৰে সঞ্জয় সিঙে ৷

Exit mobile version