Paddlers Arrested with Fake Notes in Jorabat:মহানগৰীৰ যোৰাবাটৰ চৈধ্যমাইলত জালনোটসহ আটক তিনি সৰবৰাহকাৰী

fake note

Paddlers Arrested with Fake Notes in Jorabat:

জালনোট সৰবৰাহকাৰীৰ কৰিডৰত পৰিণত হৈছে মহানগৰীৰ কেতবোৰ অঞ্চল ৷ ইতিমধ্যে জালনোট চক্ৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষী কঠোৰ স্থিতি লোৱাৰ মাজতে যোৰাবাট আৰক্ষীৰ জালত পৰে তিনি কুখ্যাত জালনোট সৰবৰাহকাৰী ৷

আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা জব্দ কৰে ৩ লাখ ৩৩ হাজাৰ টকাৰ ৫০০ টকীয়া জালনোট আৰু ম’বাইল ৷

ধৃত সৰবৰাহকাৰী কেইটা হ’ল গোৱালপাৰাৰ ৰুবি আলী, বিহপুৰীয়াৰ মহম্মদ আব্দুল কাদিৰ আৰু চমিৰুদ্দিন ।

উল্লেখ্য যে, আৰক্ষী অহাৰ পূৰ্বে অতি কৌশলৰে জ্বলাই দিয়ে জাল নোট প্ৰস্তুত কৰা মেচিন সহ কেতবোৰ সামগ্ৰী ৷

ইতিমধ্যে যোৰাবাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে নকল নোটৰ সৰবৰাহকাৰী তিনিটাক ৷

Exit mobile version