Forty Thousand Yaba Tablets Seized In Silchar:আৰক্ষী-চিআৰপিএফৰ যৌথ অভিযানত জব্দ ৪ কোটি টকাৰো অধিক মূল্যৰ য়াবা

দুগৰাকী মণিপুৰী মহিলাসহ ৪ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

peddlers arrested in silchar

Forty Thousand Yaba Tablets Seized In Silchar:

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈ পৰিছে বৰাকৰ তিনি জিলাৰ আৰক্ষী ৷ মণিপুৰৰ পৰা মিজোৰাম হৈ শিলচৰত শেহতীয়াকৈ ড্ৰাগছৰ গোপন সৰাবৰাহ অব্যাহত ৰাখিছে ড্ৰাগছ মাফিয়াই ৷

কিন্ত সময়ে সময়ে উদ্থাপিত অভিযোগৰ ভিত্তিত শিলচৰ আৰক্ষী আৰু চিআৰপিএফৰ যৌথ দলে নাজিৰপট্টিৰ জে এম দি লজত অৰ্তকিতে অভিযান চলাই বৃহৎ পৰিমাণৰ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয় ৷

লজখনৰ ৮, ১১ নং ৰূমত বাহৰ পতা ৪ কুকি লোকৰ পৰা জব্দ কৰে ৪০ হাজাৰ য়াবা টেবলেট। যাৰ মূল্য প্ৰায় চাৰি কোটি ৷

ইতিমধ্যে আৰক্ষীয়ে আটক কৰে দুগৰাকী মণিপুৰী মহিলা সহ চাৰি সৰবৰাহকাৰীক

আৰক্ষীৰ উপযুপৰি জেৰাত সৰাবৰাহকাৰী কেইজনে স্বীকাৰোক্তি দিয়ে যে,মণিপুৰৰ পৰা মিজোৰাম হৈ শিলচৰলৈ বিক্ৰীৰ বাবে আনিছিল টেবলেটখিনি।

Exit mobile version