Lions Club Blood Donation Camp:লায়ন্স ক্লাব গুৱাহাটীৰ আৰু জুবলী ফাউণ্ডেশ্যনৰ মেগা ৰক্তদান শিবিৰ

সৰ্বাধিক ৰক্তদান কৰা লোকক বিশেষ সম্বৰ্ধনা

lions club

Lions Club Blood Donation Camp:

তেজ আৰু শৰীৰৰ অংগসমূহ দানৰ গুৰুত্ব সম্পৰ্কে সাধাৰণ জনতাৰ মাজত সজাগতা সৃষ্টি কৰা বেচৰকাৰী সংস্থা জুবিলী ফাউণ্ডেশ্যনৰ সহযোগত গুৱাহাটী লায়ন্স ক্লাবে কালি মাৰোৱাৰী হাস্পতাল ব্লাড বেংক আৰু গুৱাহাটী লায়ন্স আই হস্পিতালত মেগা ৰক্তদান শিবিৰৰ আয়োজন কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭৩ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি আয়োজন কৰা “সেৱা পখোৱাড়া” অনুষ্ঠানৰ অধীনত এই ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়।
বঙাইগাঁৱৰ ৰক্তদাতা জ্ঞানচান্দ জৈনক ১১১ বাৰ ৰক্তদান কৰাৰ বাবে ডি.পি.বাজাজ আৰু কণ্ঠশিল্পী জুবিলী বৰুৱাই সন্মানিত কৰে।

আনহাতে লায়ন্স ক্লাবৰ সদস্য দীনয়াল চৌহানলৈ ৬৭ বাৰ ৰক্তদান কৰাৰ বাবে লায়ন্স ক্লাবৰ অধ্যক্ষ অজয় ​​পোদ্দাৰে সন্মানিত কৰে। ৰক্তদান কৰাৰ পিছত ৰক্তদাতাসকলক প্ৰমাণ পত্ৰ, সতেজ খাদ্য আদি প্ৰদান কৰা হয়।

Exit mobile version