Lakhimpur:লখিমপুৰত অপৰাধীৰ ঘাটিত আনন্দ মিশ্ৰ বাহিনীৰ হাতোৰা

পানীৰ টেংকীত উদ্ধাৰ ২০ লক্ষাধিক টকাৰ জালনোট

fake note 1

Lakhimpur:

অপৰাধীৰ বাবে কৰিডৰ হৈ পৰা লখিমপুৰত আনন্দ মিশ্ৰ বাহিনীৰ পুনৰ একচ্যেন আৰম্ভ ৷ সোমবাৰে নিশা অপৰাধীৰ ঘাটিত পৰে আনন্দ বাহিনীৰ হাতোৰা ৷

যোৱা নিশা লখিমপুৰৰ এছ পি আনন্দ মিশ্ৰৰ নিৰ্দেশত বঙালমৰা আৰক্ষীয়ে মিৰি গাঁৱত চলায় আৰক্ষীৰ মাৰাথন অভিযান

দুৰ্ধৰ্ষ মাফিয়া ফাইজুল ইছলামৰ,গুলজাৰ হুছেইন, ৰিয়াজুল ইছলাম আৰু ফাইজুল ইছলামৰ বাসগৃহত অভিযানত আৰক্ষীয়ে জাপে জাপে জব্দ কৰে প্ৰায় ২০ লক্ষাধিক টকাৰ জালনোট

উল্লেখ্য যে,পানীৰ টেংকীত লুকুৱাই থোৱা অৱস্থাত এই বৃহৎ পৰিমাণৰ জালনোট খিনি জব্দ কৰিবলৈ সক্ষম হয় । অৱশ্যে আৰক্ষী অহাৰ উমান পাই পলায়ন কৰিবলৈ সক্ষম হয় ৰিয়াজুল‌ ইছলাম আৰু ফাইজুল ইছলাম আৰু গুলজাৰ হুছেইন ৷

স্মতৰ্ৱ্য যে ,বিশেষ সূত্ৰৰ পমখেদি মঙলবাৰে পুৱতি নিশা দুই নং সোণাপুৰৰ পৰা আটক কৰে আন এটা জাল নোট ব্যৱসায়ী ছাহজাহান আলীক।

আনহাতে পলাতক জাল নোট সৰবৰাহকাৰী ৰিয়াজুল, ফাইজুল আৰু গুলজাৰ আৰু ইমদাদুলক আটক কৰিবলৈ বঙালমৰা আৰু বিহপুৰীয়া আৰক্ষীয়ে অভিযান তীব্ৰ কৰি তুলিছে ।

উল্লেখযোগ্য যে ৰিয়াজুল‌ ইছলাম আৰু ফাইজুল ইছলাম আৰু গুলজাৰ হুছেইনে গুৱাহাটীত গোপন ঘাটি স্থাপন কৰি নকল নোটৰ ৰমৰমীয়া সৰবৰাহ গঢ়ি তোলাৰ গোপন সম্ভেদ লাভ কৰিছিল এছ পি আনন্দ মিশ্ৰ ৷
ইতিমধ্যে এছ পি গৰাকীয়ে এই বিষয়ে অৱগত কৰিছে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তালয়ক ৷

Exit mobile version