Noonmati Suicide:নুনমাটিত যুৱকৰ আত্মহনন

শৌচাগাৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কোকোৰাঝাৰ যুৱকৰ

suicide 1

Noonmati Suicide:

মহানগৰীৰ নুনমাটিত মৃতদেহ উদ্ধাৰ ৷ চিপ লৈ থকা অৱস্থাত শৌচালয়ত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ ৷ বামনীমৈদামৰ ডি এছ গ্ৰুপত কৰ্মৰত যুৱকজনৰ নাম ৰাজা নাৰ্জাৰী ৷ ঘৰ কোকোৰাঝাৰত।

নুনমাটিৰ এটা ভাড়াঘৰত কে’বাজন যুৱকৰ স’তে একেলগে বাস কৰিছিল ৷ ২৩ ছেপ্তেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন ৷

আজি আৰক্ষীয়ে শৌচালয়ৰ দুৱাৰ ভাঙি চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে যুৱকজনৰ নিথৰ দেহ ৷

ইতিমধ্যে ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰন কৰি আৰম্ভ কৰিছে তদন্ত ৷

Exit mobile version