Athgaon Deadbody Recovered:মহানগৰীত বহি:ৰাজ্যৰ যুৱকৰ মৃতদেহ উদ্ধাৰ

suicide 2

Athgaon Deadbody Recovered:

মহানগৰীৰ আঠগাঁৱৰ কেডাৰ ৰোডৰ বাইলেন নং৩ ত উদ্ধাৰ এটা মৃতদেহ। বাথৰুমত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো বিহাৰৰ অৰুণ কুমাৰ জয়ছোৱাল বুলি চিনাক্ত কৰা হৈছে।

বিহাৰৰ বাসিন্দা লোকজনে কৰ্মসূত্রে গুৱাহাটীত পুত্র বিনয় কুমাৰ জয়ছোৱালৰ সৈতে ভাড়াঘৰত আছিল। কৰ্মৰত হৈ আছিল পাইকাৰী এখন চকলেটৰ দোকানত ৷

ইতিমধ্যে আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰিছে ৷ লগতে আৰম্ভ কৰিছে তদন্ত ৷ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷

Exit mobile version