Grenade Recovered In Batamora:ঠিকাদাৰৰ ঘৰৰ চৌহদত উদ্ধাৰ গ্ৰেনেড

আৰক্ষী উপস্থিত হৈ জব্দ কৰে গ্ৰেনেডটো

moran

Grenade Recovered In Batamora:

মৰাণ বঁটামৰাত গ্ৰেনেড উদ্ধাৰক লৈ সৃষ্টি হয় চাঞ্চল্য। মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত বঁটামৰাৰ প্ৰতিষ্ঠিত ঠিকাদাৰ কনক গগৈৰ ঘৰৰ চৌহদত বৃহস্পতিবাৰে ঘৰত কাম কৰা লোক এজনে গ্ৰেনেড পৰি থকা দেখা পায় লগে লগে গগৈক অৱগত কৰে।

ঠিকাদাৰ গগৈয়ে ততাতৈয়াকৈ বিষয়টো আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে গ্ৰেনেটো ৷

উল্লেখ্য যে, ঠিকাদাৰ গগৈক আলফাৰ নাম লৈ পাঁচমাহ পূৰ্বে ৫০ লক্ষাধিক টকা দাবী কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত গগৈয়ে আৰক্ষী অৱগত কৰাৰ লগতে এখন এজাহাৰ দাখিল কৰিছিল ৷

Exit mobile version