Bpf Koch-Rajbongshi Cell:ভাওঁৰাগুৰীৰ কূৰ্শামাৰীত বিপিএফৰ কোচ ৰাজবংশী কোষৰ কচুগাওঁ ব্লক সমিতি গঠন

bpf

Bpf Koch-Rajbongshi Cell:

আজি কোকৰাঝাৰ জিলাৰ ভাওঁৰাগুৰীৰ সমীপবর্তী কূৰ্শামাৰীত বিপিএফৰ কোচ ৰাজবংশী কোষৰ কচুগাওঁ ব্লক সমিতি গঠন কৰা হয়। কূৰ্শামাৰীস্থিত লক্ষ্মী মন্দিৰ প্ৰাংগনত এক সভা অনুষ্ঠিত কৰি উক্ত কচুগাওঁ ব্লক বিপিএফ কোচৰাজবংশী কোষৰ সমিতিখন গঠন কৰা হয়।

উক্ত অনুষ্ঠানত উপস্থিত থাকে কচুগাওঁ ব্লক বিপিএফৰ সভাপতি বন্নি প্ৰসাদ বড়ো,বিপিএফৰ গোসাঁইগাঁও জিলাৰ সাধাৰণ সম্পাদক বিল্লা কুমাৰ ব্ৰহ্ম,বিপিএফ কোচৰাজবংশী কোষৰ কেন্দ্রীয় উপ সভাপতি মনোৰঞ্জন বৰা,কেন্দ্ৰীয় উপদেষ্টা অভিৰাম ৰায়, বিপিএফ কোচৰাজবংশী কোষৰ গোসাঁইগাঁও জিলা সমিতিৰ সভাপতি সুশেন দাস, সম্পাদক সুবল ৰায়,কাৰ্যকৰী সভাপতি গৌতম ৰায়,যুৱ বিপিএফৰ কেন্দ্রীয় সাধাৰণ সম্পাদক উত্তম বৰ্মনৰ লগতে বিপিএফৰ অইন অইন নেতা কৰ্মীসকল আৰু ৰাইজসকল।

উক্ত সভাতে জয়ন্ত বৰ্মনক সভাপতি আৰু জয়দেব ৰায়ক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৩১ জনীয়া শক্তিশালী কচুগাওঁ ব্লক কোচ -ৰাজবংশী কোষ গঠন কৰা হয়।

Exit mobile version