Dispur Police:বলপূৰ্বক মাটি দখল কৰিবলৈ গৈ দিছপুৰ আৰক্ষী জালত

বিজেপিৰ অবিচি মৰ্চাৰ সম্পাদক পংকজ চন্দ্ৰ দাস

pankaj ch das

Dispur Police:

বিজেপি নেতা হোৱাৰ সুবাদতে বলপুৰ্বক মাটি দখল কৰিবলৈ গৈ দিছপুৰ আৰক্ষী জালত বিজেপিৰ অবিচি মৰ্চাৰ সম্পাদক পংকজ চন্দ্ৰ দাস ৷

মহানগৰীৰ কাহিলীপাৰাৰ এহাল দম্পতীৰ ভূমি জেচিবি লৈ দখলৰ চক্ৰান্ত ৰচিছিল পংকজ চন্দ্ৰ দাসে ৷

আৰক্ষীৰ অজ্ঞাতেই এই ঘটনা সংঘটিত কৰিছিল বিজেপি নেতাজনে। আনকি মাৰপিটৰ অভিযোগ উদ্থাপিত হৈছে ৷

ইতিমধ্যে দম্পতীয়ে দিয়া অভিযোগৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে ১০০৮/২৩ নম্বৰৰ এটি গোচৰ ৰজু কৰি আটক কৰিছে পংকজ দাসক ৷

আনহাতে বলপূৰ্বক ভূমি দখল কৰিবলৈ চেষ্টা কৰা পংকজ চন্দ্ৰ দাসক ৰাজ্যিক বিজেপিৰ অবিচি মৰ্চাই তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ অব্যাহতি দিছে ৷

Exit mobile version