Goalpara College Science Labortory:পাঁচ বছৰেও সম্পূৰ্ণ নহ’ল !

সাংসদ বদৰুদ্দিন আজমলে আধাৰশিলা স্থাপন কৰা কোটি টকীয়া গোৱালপাৰা মহাবিদ্যালয়ৰ বিজ্ঞান লেৱৰেটৰী, তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ শিক্ষাৰ্থীৰ

ajaml college

Goalpara College Science Labortory:

ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে আধাৰশিলা স্থাপন কৰাৰ পাঁচ বছৰ পিছতো গোৱালপাৰা মহাবিদ্যালয়ৰ বিজ্ঞান লেৱৰেটৰীৰ নিৰ্মাণ কাৰ্যসম্পূৰ্ণ নোহোৱাত শিক্ষাৰ্থীসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ADVERTISEMENT

উল্লেখ্য যে ঐতিহ্যমণ্ডিত গোৱালপাৰা মহাবিদ্যালয়ৰ বিজ্ঞান লেৱৰেটৰীৰ বাবে ২০১৭-১৮ ,১৮-১৯ বৰ্ষৰ নিজৰ সাংসদ পুঁজিৰ পৰা আজমলে এক কোটি টকা আবণ্টন কৰে আৰু ২০১৮ চনৰ ১২ এপ্ৰিলত অত্যাধুনিক বিজ্ঞান লেৱৰেটৰীটোৰ আধাৰশিলা স্থাপন কৰে।

সাংসদ গৰাকীয়ে আধাৰশিলা স্থাপন কৰাৰ পাঁচ বছৰ অতিক্রম কৰাৰ পিছতো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষাৰ্থীসকলে। জানিব পৰা বিজ্ঞান লেৱৰেটৰীটোৰ কামৰ বাবে ইতিমধ্যে বিভাগীয় ভাৱে ২৮ লাখ টকা মোকলাই দিছে।

উক্ত আবণ্টিত টকাৰে কিছু কাম কৰিছে আৰু বিভাগীয় নিয়মানুসাৰে ব্যৱহাৰিক প্ৰমাণ পত্ৰও জমা দিছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ ফাইলৰ মেৰ পেচত আবদ্ধ হৈ থকাত পৰৱৰ্তী ধন মোকলাই নিদিয়াৰ বাবেই বিগত পাঁচ বছৰ ধৰি অৰ্ধনমিত অৱস্থাত পৰি আছে।

ইপিনে বিজ্ঞান লেৱৰেটৰীৰ কাম সম্পূৰ্ণ নোহোৱাত শিক্ষাৰ্থীসকলে ব্যৱহাৰিক শিক্ষাৰ পৰা বঞ্চিত হোৱাত সাংসদ আৰু জিলা প্ৰশাসনৰ বিৰূদ্ধে ক্ষোভ উজাৰে আৰু অতি শীঘ্ৰেই বিজ্ঞান লেৱৰেটৰীৰ কাম সম্পূৰ্ণ কৰাৰ দাবী জনায় ।

Exit mobile version