Beltola call center Raid: বেলতলাৰ এটা কল চেন্টাৰত ক্ৰাইম বাঞ্চৰ অভিযান

ক্ৰাইম বাঞ্চে জব্দ কৰিছে চেন্টাৰটোৰ সকলো সা- সামগ্ৰী

call centre

Beltola call center Raid:

মহানগৰীৰ বেলতলাৰ এটা কল চেন্টাৰত ক্ৰাইম বাঞ্চৰ অভিযান ৷ সত্যপুৰ পথৰ ২১ নং ঘৰত আছিল কল চেন্টাৰটো ৷

সংবাদমাধ্যমত অবৈধ কল চেন্টাৰৰ খবৰ সম্প্ৰচাৰ হোৱাৰ পিছতে ঘৰৰ গৰাকীয়ে খৱৰ দিছিল আৰক্ষীক৷ বৃহস্পতিবাৰলৈ কাম চলি আছিল কল চেন্টাৰটোত ৷

পৰ্যটনৰ কামৰ বাবে লৈছিল কল চেন্টাৰটো ৷ ক্ৰাইম বাঞ্চে আজি তালাচী চলাই জব্দ কৰিছে চেন্টাৰটোৰ সকলো সা-সামগ্ৰী

উল্লেখ্য যে,৪০ৰো অধিক কম্পিউটাৰ আছিল কল চেন্টাৰটোত ৷ আকিবুল নাৱাজ নামৰ যুৱক জনে লৈছিল কোঠাটো ৷

মনকৰিবলগীয়া যে,যোৱা বছৰ অক্টোবৰত বুক কৰিছিল যদিও চলিতবৰ্ষৰ জানুৱাৰীৰ পৰাহে কাম আৰম্ভ হয় কল চেন্টাৰটোত ৷

অৱশ্যে ক্ৰাইম বাঞ্চৰ অভিযানৰ সময়ত নাছিল কল চেন্টাৰটোৰ কোনো কৰ্মকৰ্তা ৷ সন্দেহ কৰা মতে সকলোৱে আত্মগোপন কৰিছে ৷

Exit mobile version