Electricity Charges Hiked:বিদ্যুত গ্ৰাহকৰ ওপৰত এপি ডিচি এলৰ পুনৰ ৰামটাঙোন

লোকচানৰ বোজা গ্ৰাহকৰ ওপৰত জাপি আকৌ বৃদ্ধি কৰা হ'ল বিদ্যুৎ মাচুল

apdcl 1

Electricity Charges Hiked:

লোকচানৰ বোজা গ্ৰাহকৰ ওপৰত জাপি আকৌ বৃদ্ধি কৰা হ’ল বিদ্যুত মাচুল ৷ এপিডিচিএলে গ্ৰাহকৰ ওপৰত একপ্ৰকাৰ ৰামটাঙোন সোধাই প্ৰতি ইউনিটত ৩০ পইচাৰ পৰা ১ টকা ২৯ পইচাকৈ বৃদ্ধি কৰিলে বিদ্যুত মাচুল ৷

উল্লেখ্য যে, এপিডিচিএলে লোকচানৰ বোজা মাৰিবলৈ এক অক্টোবৰৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত ৯৯ দিনৰ বাবে অতিৰিক্ত ধন সংগ্ৰহৰ লক্ষ্য স্থিৰ কৰিছে ৷

এপিডিচিএলে নতুনকৈ নিৰ্ধাৰণ কৰা মাচুল বৃদ্ধিৰ তালিকা অনুসৰি মাহেকত ৩০০ ইউনিট ব্যৱহাৰ কৰিলে ৯০ টকা, ৫০০ ইউনিট পৰ্যন্ত ব্যৱহাৰ কৰিলে ১৫০ টকা আৰু ৫০০ ইউনিটৰ ওপৰত ব্যৱহাৰ কৰিলে ৬৫০টকা পৰ্যন্ত বৃদ্ধি পাব বিদ্যুৎ মাচুল।
অৱশ্যে ৩০০ ইউনিটৰ তলত বিদ্যুৎ খৰচ কৰা সকলে অতিৰিক্তভাৱে ভৰিব নালাগে মাচুল।

আনহাতে এপিডিচিএলে বাণিজ্যিক আৰু উদ্যোগিক সংযোগ থকা সকলৰ বাবেও নিৰ্ধাৰণ কৰিছে অতিৰিক্ত মাচুল ।

একেদৰে ঘৰুৱা ব্যৱহাৰকাৰীৰ বাবে বৃদ্ধি কৰা হয় প্ৰতি ইউনিটত ৩০ পইচাৰ পৰা ১.২৯ টকাকৈ ৷

স্মতৰ্ৱ্য যে,বিদ্যুত বিতৰণ কোম্পানীটোৱে ইন্ধন আৰু বিদ্যুৎ ক্ৰয়ৰ দাম হঠাতে বৃদ্ধি পোৱাৰ বাবে বিদ্যুত মাচুল তিনিমাহৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে বুলি বিজুলী ভৱনৰ পৰা জানিব পৰা গৈছে ।

Exit mobile version