Lovlina Borgohain:এছিয়ান গেমছত পদক নিশ্চিত লাভলীনাৰ

কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত কৰে দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বীত, যোগ্যতা অৰ্জনৰে পেৰিছ অলিম্পিকলৈ লাভলীনা

lovelena

Lovlina Borgohain:

চুবুৰীয়া চীনৰ হাংজৌ এছিয়ান গেমছত বক্সিং ৰিঙত কোৰিয়াৰ প্ৰতিদ্বন্দ্বীক ধৰাসায়ী কৰি পদক নিশ্চিত কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে

ADVERTISEMENT

আজি অনুষ্ঠিত হোৱা মহিলা বক্সিঙৰ ৭৫ কেজিৰ ইভেণ্টত কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ প্ৰতিদ্বন্দ্বী গৰাকীক ৫-০ পইন্টক পৰাভূত কৰি চেমি ফাইনেলত প্ৰৱেশ কৰিলে প্ৰতিষ্ঠিত বক্সাৰ গৰাকীয়ে।

এই জয়ৰ জৰিয়তে পেৰিছ অলিম্পিক ২০২৪লৈ যোগ্যতা অৰ্জন কৰিলে তাৰকা বক্সাৰ গৰাকীয়ে।

উল্লেখ্য যে, দ্বিতীয়বাৰৰ বাবে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি প্ৰথম গৰাকী অসমীয়া হিচাপে পৰিগণিত হয় লাভলীনা বৰগোহাঁই।

Exit mobile version