Guwahati Thief:পুনৰ চিলনী চোৰৰ হাতোৰা !

প্ৰাতঃভ্ৰমণলৈ যোৱা মহিলাৰ ডিঙিৰ পৰা চিলনী চোৰে থপিয়াই নিলে সোণৰ চেইন

dispur

Guwahati Thief:

মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেন্স দি চিলনী চোৰে ইটোৰ পাছত সিটোকৈ সোণৰ চেইন কাঢ়ি নিয়া ঘটনা অব্যাহত ৰখাৰ মাজতে আজি পুনৰ চিলনী চোৰে থপিয়ালে চেইন ৷

ADVERTISEMENT

মহিলাৰ ডিঙিৰ পৰা চিলনী চোৰে থপিয়াই নিলে সোণৰ চেইন। মহানগৰীৰ সদাব্যস্ত ভিআইপি ৰোডত সংঘটিত হৈছে এই ঘটনা।

ব্যস্ত ৰাজপথৰে পুৱাভাগত প্ৰাতঃ ভ্ৰমণলৈ যোৱাৰ পথত চিলনী চোৰৰ টাৰ্গেট হ’ল নিজৰা গগৈ (৬৫) নামৰ এগৰাকী বয়োজ্যেষ্ঠ মহিলা ।

ভিআইপি ৰোডৰ ৰংবং পথৰে পালচাৰ বাইকত অহা দুই দুৰ্বৃত্তই সংঘটিত কৰে এই কাৰ্য৷ ইতিমধ্যে ভূক্তভোগী মহিলা গৰাকীয়ে এজাহাৰ দাখিল কৰিছে দিছপুৰ থানাত ৷

উল্লেখ্য যে,দিছপুৰ থানাৰ অধীনস্থ অঞ্চলত বিগত কে’বাদিন ধৰি চিলনী চোৰে একাধিক সোণৰ চেইন কাঢ়ি নিয়া ঘটনা সংঘটিত কৰি আহিছে যদিও দুৰ্বৃত্তক আটক কৰাৰ ক্ষেত্ৰত দিছপুৰ আৰক্ষীৰ নিৰ্লিপ্ততা ভূমিকাক তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে
ৰাইজে ৷

Exit mobile version