Youth Dies Again At De-Addiction Centre:মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত পুনৰ যুৱকৰ মৃত্যু

যুৱকজনৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য

rehab centre

Youth Dies Again At De-Addiction Centre:

মহানগৰীত কাঠ ফুলাৰ দৰে গঢ় লৈ উঠা নিচামুক্তি কেন্দ্ৰ সমূহত কিমান সুৰক্ষিত ইয়াত থকা আবাসীসকল ৷

একাংশ নিচামুক্তি কেন্দ্ৰৰ ভিতৰচ’ৰাত সংঘটিত কেতবোৰ কমকাণ্ডক লৈ সময়ে সময়ে উদ্থাপিত হৈছে নানান অভিযোগ ৷ ইতিমধ্যে কে’বাটাও নিচামুক্তি কেন্দ্ৰত ৰহস্যজনকভাৱে মৃত্যু হৈছে যুৱকৰ ৷

আনকি এনে অভিযোগৰ পৰিপ্ৰেক্ষিতত বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাই বহু কেইটা নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শন কৰি ধৰা পেলাই অস্বাস্থ্যকৰ পৰিবেশ ৷ বন্ধ কৰি দিয়া হৈছিল কে’বাটাও নিচামুক্তি কেন্দ্ৰ ৷

এইবাৰ পুনৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু ৷মহানগৰীৰ জালুকবাৰীৰ সদিলাপুৰৰ ‘Loving Hands Wellness Society’ নামৰ নিচামুক্তি কেন্দ্ৰটোত সংঘটিত হয় এই ঘটনা ৷ হাজোৰ ৰাহুল আলী নামৰ যুৱকজনৰ ৰহস্যজনকভাৱে মৃত্যুক লৈ সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ৷

উল্লেখ্য যে,তিনিদিন পূর্বে কেন্দ্ৰটোত চিকিৎসাৰ বাবে আহিছিল যুৱকজন। ইতিমধ্যে আৰক্ষী নিচামুক্তি কেন্দ্ৰটোত উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে তদন্ত। পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে জালুকবাৰী থানাত ৷

Exit mobile version