Apsc Scam Inquiry Commission:বহুচৰ্চিত ২০১৪ বৰ্ষৰ এপিএছচি কেলেংকাৰীৰ ন্যায়িক তদন্ত সম্পূৰ্ণ

দ্বিতীয়খন প্রতিবেদন দাখিলৰ বাবে সাজু ন্যায়িক আয়োগ,এসপ্তাহৰ ভিতৰত দাখিল কৰিব প্ৰতিবেদন

biplab sarma commission

Apsc Scam Inquiry Commission:

বহুচৰ্চিত ২০১৪ বৰ্ষৰ অসম লোকসেৱা আয়োগ কেলেংকাৰীৰ ন্যায়িক তদন্ত ইতিমধ্যে সম্পূৰ্ণ হোৱা বুলি সদৰি কৰে আয়োগৰ অধ্যক্ষ বিপ্লৱ কুমাৰ শৰ্মাই।

কেলেংকাৰীৰ সম্পূৰ্ণ হোৱা দ্বিতীয়খন প্রতিবেদন দাখিল অহা এসপ্তাহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ হাতত তুলি দিয়া হ’ব বুলি প্ৰকাশ কৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গৰাকীয়ে

উল্লেখ্য যে,২০১৪ বৰ্ষৰ এপিএছচি কেলেংকাৰীৰ ন্যায়িক আয়োগৰ সময়সীমা আছে ১৫ অক্টোবৰলৈ ৷ আয়োগৰ অধ্যক্ষ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে,মোক দিয়া দায়িত্ব ইতিমধ্যে সম্পন্ন কৰিলো,এতিয়া চৰকাৰে এই সন্দৰ্ভত পৰৱৰ্তী পদক্ষেপ কি লয় ,মই নাজানো ৷

মনকৰিবলগীয়া যে, ২০১৪ৰ নিযুক্তি কেলেংকাৰীত পূৰ্বতেই ২১জনক দোষী সাব্যস্ত কৰা হৈছিল । আয়োগে প্ৰতিবেদন দাখিল কৰাৰ পাচত কেলেংকাৰীৰ আৰু বহু নতুন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।

ইফালে অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ মূল খলনায়ক ৰাকেশ পালে ইতিমধ্যে জামিনত মুক্তি লাভ কৰিছে ।

৬ বছৰ ৪ মাহ কাৰাগাৰত বন্দীত্বৰ জীৱন কটাই যোৱা ২৮ মে’ত চৰ্ত সাপেক্ষে জামিন লাভ কৰিছিল অসম লোকসেৱা আয়োগক কলংকিত কৰা ৰাকেশ পালে

Exit mobile version