Cachar Police Seized In Ganja:কাছাৰৰ দিগৰখালত বুজন পৰিমাণৰ গাঞ্জা জব্দ

কাছাৰ আৰক্ষীক প্ৰশংসা মুখ্যমন্ত্ৰীৰ, টুইট কৰি মুখ্যমন্ত্ৰীয়ে জনালে অভিনন্দন

ganja seized

Cachar Police Seized In Ganja:

কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ জিলা আৰক্ষী অধীক্ষক নোমল মাহাটোৰ নেতৃত্বত বিশেষ সূত্ৰৰ পমখেদি দিগৰখালত এখন ড্ৰাম্পাৰত তালাচী চলাই বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷

ডাম্পাৰৰ পৰা জব্দ কৰা গাঞ্জাৰ পেকেট কেইটাৰ ওজন প্ৰায় ১ কুইন্টল ৭০৫ কেজি ৷ জব্দকৃত ডাম্পাৰ খনৰ গোপন চেম্বাৰৰ পৰা উদ্ধাৰ কৰা হয় গাঞ্জাখিনি।

উল্লেখ্য যে,ত্ৰিপুৰাৰ পৰা মেঘালয় হৈ বহিঃৰাজ্যলৈ সৰবৰাহৰ বাবে সৰবৰাহকাৰীয়ে ডাম্পাৰ খনৰ গোপন চেম্বাৰত লুকুৱাই আনিছিল গাঞ্জাখিনি।

জব্দকৃত গাঞ্জা খিনিৰ‌ মুল্য কোটি টকাৰ অধিক হ’ব বুলি অনুমান কৰিছে আৰক্ষীয়ে।
আনহাতে কাছাৰ আৰক্ষীৰ এই সাফল্যক মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে ভূয়সী প্ৰশংসা কৰিছে ৷

Exit mobile version