Heavy Rain And Red Alart Imd:
গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত অব্যাহত আছে নেৰানেপেৰা বৰষুণ । পুৱাৰে পৰা হোৱা মুষলধাৰ বৃষ্টিপাতৰ ফলত গুৱাহাটীৰ বিভিন্ন অঞ্চলত কৃত্রিম বানপানীৰ লগতে হৈছে ভূমিস্খলন ৷
তথাকথিত স্মাৰ্ট চিটিৰ চৌদিশে এতিয়া পানী আৰু পানী ৷ নেৰানেপেৰা বৰষুণে উন্মোচিত কৰিছে স্মাৰ্ট চিটিৰ পয়ালগা নগ্নৰূপটো ৷
পুৱাৰে পৰা অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ বৈকুণ্ঠপুৰত খহিল ৰাজ্যিক চিৰিয়াখানাৰ গাৰ্ডৱালখন ৷ এনেক্ষেত্ৰত যিকোনো মুহূৰ্ততে চিৰিয়াখানাৰ পৰা ওলাই আহিব পাৰে জীৱ-জন্তু। যাকলৈ চিন্তিত হৈ পৰিছে চিৰিয়াখানাৰ দাঁতকাষৰীয়া আবাসী সকল ৷
ইপিনে মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ জু-ৰোডৰ ভাস্কৰ নগৰত সংঘটিত হয় ভূমিস্খলনৰ ঘটনা। বাসগৃহৰ ওপৰত খহি পৰিল দেৱাল-মাটি । অৱশ্যে কথমপিহে ৰক্ষা পৰে বাসগৃহৰ লোকসকল ৷
আনহাতে ৰাজ্যৰ অধিকাংশ জিলাত অব্যাহত থকা বৰষুণৰ বাবে বৃহস্পতিবাৰে ৰাজ্যৰ চাৰিখন জিলাক গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট।
আনপিনে তিনিখন জিলাক কমলাৰ বিপৰীতে ১৯ খন জিলাত হালধীতা সতর্কতা জাৰি কৰিছে ৷ অৱশ্যে এখন জিলাক বৃষ্টিপাতমুক্ত জিলা হিচাপে চিহ্নিত কৰিছে ৷
উল্লেখ্য যে,আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া তথ্য অনুসৰি দক্ষিণ শালমাৰা-মানকাছাৰ আৰু ধুবু্ৰী জিলাক নেৰানেপেৰা বৰষুণৰ আশংকা কৰি ৰেড এলার্ট জাৰি কৰাৰ বিপৰীতে কোকৰাঝাৰ,বৰপেটা, চিৰাঙত কমলা সতর্কতা জাৰি কৰা হৈছে ।
একেদৰে বঙাইগাওঁ, গোৱালপাৰা, বাক্সা, নলবাৰী, কাপৰূপ (গ্ৰাম্য), কামৰূপ (নগৰ), দৰং, পশ্চিম কাৰ্বি আংলং, নগাওঁ, কার্ব আংলং, ডিমা হাচাও, কাছাৰ, কৰিমগঞ্জ, বিশ্বনাথ, লখিমপুৰ, যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু ডিব্ৰুগড়ক হালধীয়া সতর্কতা জাৰি কৰি মাজুলি, গোলাঘাট, শোণিতপুৰ, ওদালগুৰি, মৰিগাওঁ, হোজাই আৰু হাইলাকান্দিত বতৰ ডাৱৰীয়া থাকিব ৷ অৱশ্যে পাতলীয়া দুই- এজাক বৰষুণ দিব পাৰে বুলি চিহ্নিত কৰিছে সেউজীয়া ৰঙেৰে ৷
আজি গোটেই দিনটোতে ৰাজ্যৰ অধিকাংশ জিলাতে বৰষুণ অব্যাহত থাকিব ৷ গুৱাহাটী আৰু ইয়াৰ উপকন্ঠ অঞ্চলত বিজুলী-ঢেৰেকনিৰে বৰষুণ আগন্তুক দুদিনলৈ অব্যাহত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷