Lakhimpur Murder:লখিমপুৰত চাঞ্চল্যকৰ ঘটনা

পাঁচ ড্ৰাগছ বেপাৰীৰ দলবদ্ধ আক্ৰমণত নিহত কলেজীয়া ছাত্ৰ

lakhimpur

Lakhimpur Murder:

লখিমপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ পাঁচ ড্ৰাগছ বেপাৰীৰ দলবদ্ধ আক্ৰমণত নিহত হয় এজন কলেজীয়া ছাত্ৰ ৷

লখিমপুৰৰ চাপৰি গাঁৱত সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ড ৷ পাঁচ ড্ৰাগছ মাফিয়া মিলিত হৈ উপযুপৰি প্ৰহাৰ কৰাৰ ফলত থিতাতে মৃত্যু হয় যুৱকজনৰ ৷পাছতে ড্ৰাগছ মাফিয়া কেইটাই মৃতদেহ পেলাই দিয়ে সোমদিৰি নদীত।

নিহত ছাত্ৰজন তাবিদ হুছেইন চৌধুৰী বুলি চিনাক্ত কৰা হয় ৷ ইতিমধ্যে পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত লখিমপুৰ আৰক্ষীয়ে ঘটনা তদন্ত আৰম্ভ কৰি মৃতদেহৰ সন্ধানত সোমনদীত এছ ডি আৰ এফৰ জৰিয়তে অভিযান চলাই ৷

ইতিমধ্যে এছ ডি আৰ এফ নৈ বুকুৰ পৰা নিহত ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে এল এম চি এইছলৈ প্ৰেৰণ কৰি পাঁচ ড্ৰাগছ মাফিয়াৰ সন্ধানত আৰম্ভ কৰিছে অভিযান ৷

Exit mobile version