Sikkim Government Declares Disaster :ছিকিমত ডাৱৰ বিস্ফোৰণ: দুৰ্যোগ ঘোষণা ৰাজ্য চৰকাৰৰ

সেনা জোৱানসহ ১০২ জন সন্ধানহীন, ১৪ জনৰ মৃত্যু, ছিকিমৰ ভয়ংকৰ বানত সন্ধানহীন অসমৰ যুৱক, বাক্সাৰ আনন্দ বজাৰৰ ভাৰতীয় সেনাত কৰ্মৰত মিটু কলিতা

sikkim flood 1

Sikkim Government Declares Disaster :

ছিকিমৰ উত্তৰাঞ্চলত হোৱা ভয়ংকৰ ডাৱৰ বিস্ফোৰণ আৰু নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা ভয়ংকৰ পৰিস্থিতিৰ ভয়াৱহতা এতিয়াও অব্যাহত আছে। ডাৱৰ বিস্ফোৰণৰ ফলস্বৰূপে লোনাক হ্ৰদৰ তিস্তা নদী জলস্তৰ বৃদ্ধি পায় বিপদসীমা অতিক্ৰম কৰি নৈৰ বাঢনী পানীয়ে ভয়ংকৰ ৰূপ ধাৰন কৰে ৷

ভয়ংকৰ বানপানীৰ ফলত সেনা জোৱানসহ ১৪ জনকৈ লোক নিহত হোৱাৰ বিপৰীতে সন্ধানহীন হৈ আছে প্ৰায় ১০২ জনকৈ লোক। ইয়াৰে ২২ জন সেনা জোৱান।

আনহাতে পাৰ্বত্য ৰাজ্য খনত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ পাছতে ছিকিম চৰকাৰৰ সংশ্লিষ্ট বিভাগ সমূহ উদ্ধাৰ অভিযানত উবুৰি খাই পৰে ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি বুধবাৰে তিস্তা নৈৰ বুকুত সন্ধানহীন হোৱা ২৩ জন সেনা জোৱানৰ ভিতৰত এজনক ইতিমধ্যে কৰা হৈছে উদ্ধাৰ ৷ উল্লেখযোগ্য সেনাৰ ৪১ খন বাহন বোকাত পোত গৈছে।

উল্লেখ্য যে,মঙলবাৰে আৰু বুধবাৰে নিশা প্ৰায় ১.৩০ বজাত আৰম্ভ হোৱা পৰ্বতীয়া ৰাজ্য খনত হঠাতে সৃষ্টি হোৱা বানৰ মাজতে ভূতৰ ওপৰত দানহ পৰাৰ দৰে চুংথাং বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত পৰিস্থিতি অধিক অৱনতি ঘটিছে বুলি প্ৰকাশ কৰে

গেংটকত এজন জ্যেষ্ঠ প্ৰশাসনিক বিষয়াই ৷ মনকৰিবলগীয়া যে,চুংথাং বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত লোনাক হ্ৰদৰ পানীৰ স্তৰ হঠাতে ১৫ৰ পৰা ২০ ফুট বৃদ্ধি পাইছিল ৷

আনহাতে ছিকিমৰ মুখ্য সচিব ভি বি পাঠকে কয় যে দেশ- বিদেশৰ অহা প্ৰায় তিনি সহস্ৰাধিক পৰ্যটক ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ আছে। তদুপৰি চুংথাং বান্ধত কৰ্মৰত হৈ থকা কেইবাজনো শ্ৰমিকো আৱদ্ধ হৈ আছে।

একেদৰে ভয়ংকৰ বানে বিধ্বস্ত কৰে বহু বাসগৃহ,পথ – দলং ৷ ৰাজ্য চৰকাৰৰ হাতত পৰা তথ্য অনুসৰি ১৪ খন দলং বানে উটুৱাই নিয়ে ৷ ইয়াৰে নখন সীমান্ত পথ সন্থাৰ বিপৰীতে পাঁচখন ৰাজ্য চৰকাৰৰ ৷

উল্লেখ্য যে,ছিকিমৰ ৰাজধানী গেংটকৰ পৰা ৩০ কিলোমিটাৰ দূৰতস্থিত চিংটামৰ ইন্দ্ৰানী নামৰ তীখাৰ দলং খন বুধবাৰে পুৱতি নিশা তিস্তা নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিছিল।

শেহতীয়া তথ্য অনুসৰি এছ ডি আৰ এফ আৰু এন ডি আৰ এফে প্ৰতিকুল বতৰকো নেওচি এই পৰ্যন্ত উদ্ধাৰ কৰিছে এজন সেনা জোৱানসহ প্ৰায় ১৬৬ জন লোকক ।

ইপিনে এন ডি আৰ এফে বিভাগীয় তিনিটা দল গুৱাহাটী আৰু পাটনাত ছিকিমৰ উদ্ধাৰ অভিযানৰ বাবে সাজু কৰি ৰাখিছে ৷ ইতিমধ্যে পাহাৰীয়া ৰাজ্য খনৰ ভয়াৱহ পৰিস্থিতিক দুৰ্যোগ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷

ছিকিমৰ ভয়ংকৰ বানত সন্ধানহীন অসমৰ যুৱক:

মঙলবাৰে মাজনিশা উত্তৰ ছিকিমৰ লোনাক হ্ৰদত হোৱা ভয়ংকৰ ডাৱৰ বিস্ফোৰণত তিস্তা নৈ হঠাতে জলস্তৰ ১৫ৰ পৰা ২০ ফুট বৃদ্ধি পোৱাত ভয়ংকৰ বানপানী হয় ৷ নৈৰ কুবাল সোঁতত উটি যায় সেনাৰ কনভয় ৷ সন্ধানহীন হয় ২২ জনকৈ সেনা জোৱান ৷ ভয়ংকৰ বানত সন্ধানহীন হয় অসমৰ যুৱক ৷ বাক্সাৰ আনন্দ বজাৰৰ ভাৰতীয় সেনাত কৰ্মৰত আছিল যুৱকজন  ।

চুবুৰীয়া পশ্চিমবংগৰ আলিপুৰদুৱাৰত কৰ্মৰত সেনা জোৱান মিটু কলিতা বিভাগীয় নির্দেশ অনুসৰি ছিকিমলৈ গৈছিল । আনকি আলিপুৰদুৱাৰৰ পৰা ছিকিমলৈ গৈ থকাৰ বিষয়ে নিজ ভাতৃক ফোন কৰি জনাইছিল।

বিভাগীয় কাম সম্পন্ন কৰি আন সকল জোৱানৰ সৈতে আলিপুৰ দুৱাৰলৈ অহাৰ পথত সংঘটিত হৈছিল ভয়াৱহ ডাৱৰ বিস্ফোৰণ।

বৰ্তমানলৈকে পৰিয়ালৰ লোকে কোনো সম্ভেদ পোৱা নাই মিটু কলিতাৰ । বিভাগীয় ভাৱে জ

 

আনহাতে অসমৰো বহুলোক আবদ্ধ হৈ আছে ছিকিম আৰু পশ্চিমবংগত ৷ এই সকলৰ উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত তৎপৰ হ’বৰ বাবে আত্মীয় সকলে অসম চৰকাৰৰ সহযোগিতা বিচাৰিছে ৷

ছিকিমৰ প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে মুকলি কৰিছে তিনিটাকৈ হেল্পলাইন নম্বৰ :
০৩৩৫৯২-২০২৮৯২, ০৩৫৯২২২১১৫২-, ৮০০১৭-৬৩৩৮৩ ৷
উল্লিখিত তিনিওটা ম’বাইল নম্বৰতো কৰিব পাৰিব যোগাযোগ ৷

আনহাতে জৰুৰীকালীন সেৱাৰ বাবে ১১২নম্বৰ মুকলি কৰাৰ বিপৰীতে ভাৰতীয় সেনাই নিজৰ সেনা জোৱানৰ বাবে নিজাববীয়াকৈ মুকলি কৰিছে তিনিটা হেল্পলাইন নম্বৰ৷
ম’বাইল নম্বৰ কেইটা হ’ল:
উত্তৰ ছিকিমৰ বাবে সেনাৰ হেল্পলাইন নম্বৰ: ৮৭৫০৮৮৭৭৪১

পূব ছিকিমৰ বাবে সেনাৰ হেল্পলাইন নম্বৰ ৮৭৫৬৯৯১৮৯৫

একেদৰে সন্ধানহীন সেনাৰ বাবে হেল্পলাইন নম্বৰ হৈছে ৭৫৮৮৩০২০১১ ৷

Exit mobile version