Bharalumukh Theft:মহানগৰীত দিনদুপৰতে চিলনী চোৰৰ মৰসাহ !

বহি থাকোতেই কাঢ়ি নিলে সোণৰ চেইন

theft in bharalunukh

Bharalumukh Theft:

গুৱাহাটী স্মাৰ্ট আৰক্ষীক একপ্ৰকাৰ চেলেন্স দি চিলনী চোৰে চলাই গৈছে ইটোৰ পাছত সিটোকৈ সোণৰ চেইন চুৰি কাণ্ড

এইবাৰ চিলনী চোৰে চুৰিৰ নতুন কৌশল গ্ৰহণ কৰিছে৷ এজন লোকে নিজৰ দোকানৰ সন্মুখতে বহি থাকোতেই চিলনী চোৰে দিন দুপৰতে কাঢ়ি নিলে সোণৰ চেইন৷

মহানগৰীৰ সদাব্যস্ত ভৰলুমুখৰ বিশাল এনক্লেভৰ সন্মুখতে সংঘটিত হয় এই ঘটনা ৷ এই সমস্ত দৃশ্য বন্দী হয় চিচিটিভিৰ কেমেৰাত

এজন দুৰ্বৃত্তই চকী এখনত বহি থকা অৱস্থাত লোক এজনৰ হাতত কাগজৰ টুকুৰা এটা দি কিবা ঠিকনা সোধে ৷ মানুহজনে যুৱকজনৰ বিপৰীতফালে মুখ ঘূৰাওঁতেই দুৰ্বৃত্তই ডিঙিৰ পৰা চেইন চিঙি উধাও হয় ৷

ইতিমধ্যে ভুক্তভোগী লোকজনে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ভৰলুমুখ থানাত ৷

Exit mobile version