Heroin Seized In Night Super: নৈশ বাছত আৰক্ষীৰ অভিযানত জব্দ ৯ কোটি টকাৰ হেৰ’ইন

আটক তিনি সৰবৰাহকাৰী

heroin seized

Heroin Seized In Night Super:

প্ৰতিবেশী মেঘালয় আৰক্ষীৰ বৃহৎ সাফল্য ৷ ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান চলাই দুই পৃথক পৃথক স্থানৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় পৰিমাৰ নিষিদ্ধ হিৰ’ইন

গোপন খবৰৰ ভিত্তিত খানাপাৰাৰ সীমান্তৱৰ্তী জিলা ৰিভয় আৰক্ষীয়ে নংপোত শিলচৰৰ পৰা গুৱাহাটী অভিমুখী এ এছ ২৪ এ চি ১১৫২ নম্বৰৰ এখন নৈশ বাছত অৰ্তকিতে তালাচী চলাই জব্দ কৰিবলৈ সক্ষম হয় ৩০ টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ। বাকচ কেইটাত আছিল প্ৰায় ৯২১ গ্ৰাম হেৰʼইন । জব্দকৃত হেৰ’ইনৰ মূল্য প্ৰায় ৯ কোটি টকা বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে।

আনহাতে হেৰ’ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে আটক কৰে নৈশ বাচখনৰ চালক , হেণ্ডিমেন আৰু এজন দুৰ্ধষ ড্ৰাগছ সৰবৰাহকাৰীক

আৰক্ষীৰ জেৰাত ড্ৰাগছ সৰবৰাহকাৰী কেইজনে উল্লেখ কৰা মতে,হিৰ’ইন খিনি মিজোৰামৰ পৰা কাছাৰৰ মাজেৰে গুৱাহাটী লৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰা হৈছিল ৷

ইপিনে, মেঘালয়ৰ উত্তৰ গাৰো হিলছ আৰক্ষী আৰু এন্টি নাৰ্কোটিকছ টাস্ক ফ’র্চৰ আন এক যৌথ অভিযানত তুৰাৰ স্প্ৰিং হিলছৰ হেলিয়েল কে চাংমা নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনৰ পৰা প্ৰায় ৩.৪ গ্ৰাম হেৰ’ইন সহ আটক কৰে ৷ লগতে কৰায়ত্ত কৰে আন এজন ড্ৰাগছ সৰবৰাহকাৰীকো।

Exit mobile version