8.5 Crore Yaba Tablets Seized In Cacher:
কাছাৰত শেহতীয়াকৈ সংগোপনে ড্ৰাগছ মাফিয়া চক্ৰই সংগোপনে ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত ৰখাৰ বিপৰীতে আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰিছে ৷ তীব্ৰতৰ কৰি তুলিছে ড্ৰাগছ বিৰোধী অভিযান ৷
যোৱা নিশা কাছাৰ আৰক্ষী,বিএছ এফ আৰু চি আৰ পি এফৰ যুটীয়া দলে বিশেষ সূত্ৰৰ পম খেদি দুটা সুকীয়া সুকীয়া স্থানত অৰ্তকিতে অভিযান চলাই ৪৩ হাজাৰ য়াবা টেবলেট জ
কাছাৰৰ ৰামনগৰ বাইপাছত বিএছএফ আৰু তাৰাপুৰত আৰক্ষীৰ অভিযানত জব্দ হয় ৩০ হাজাৰ য়াবা টেবলেট । উল্লেখ্য যে,য়াবা টেবলেট কঢ়িয়াই অনা দুই সৰবৰাহকাৰীয়ে উল্লিখিত টেবলেট খিনি বিক্ৰী কৰিবলৈ আনোতে য়াৱা টেবলেট সহ আটক কৰে আৰক্ষীয়ে ৷ লগতে জব্দ কৰা হয় তিনিখন বাইক ৷ জব্দকৃত বাইক কেইখনৰ নম্বৰ এএছ-১১এছ-২৭০৩ , এএছ-১১ডব্লুউ-০৪৯৭ আৰু এএছ-০১ডি-৪৭৮৮, এএছ-১১এছ-২৭০৩ । ধৃত সৰবৰাহকাৰী দুটাৰ নাম চাহাৰুল ৰহমান আৰু মজিবুৰ ৰহমান ৷
আনহাতে আন এক ড্ৰাগছ বিৰোধী অভিযানত কাছাৰৰ কালাইন আৰক্ষী আৰু চিআৰপিএফৰ যৌথ দলে বিশেষ সূত্ৰৰ পম খেদি ধূমকৰৰ পৰা ১৩ হাজাৰ য়াবা টেবলেট সহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ সৰবৰাহকাৰী তিনিটা হ’ল ৰিজুল আহমেদ , চাহিন আহমেদ বৰভুঞা আৰু জাবিৰ হুছেইন ৷
দুই স্থানত জব্দ কৰা ৪৩ হেজাৰ য়াবা টেবলেটৰ মূল্য প্ৰায় ৮.৫ কোটি টকা হ’ব বুলি অনুমান কৰিছে কাছাৰ আৰক্ষীয়ে ৷