SP Leena Doley Interrogated By CBI:জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত এছ পি লীনা দলেক নগাঁৱলৈ তলব চিবিআইৰ

নগাঁও আৰ্বত্ত ভৱনত চিবিআইৰ জেৰা নগাঁৱৰ তদানীন্তন এছ পি দলেক

leena dolry 1

SP Leena Doley Interrogated By CBI:

এছআই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত দায়িত্ব চিবিআয়ে লাভ কৰাৰ পাছৰে পৰা তৎপৰ হৈ পৰে কেন্দ্ৰীয় অনুসন্ধান সন্থাটি ৷

ইতিমধ্যে যোৱা ১৪২ দিনত অন্তত ৪ অক্টোবত চিবিআই-এ এছ আই জোনমণি ৰাভাৰ দুৰ্ঘটনাস্থলী জখলাবন্ধাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত দুবাৰকৈ পৰিদৰ্শন কৰি দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ উদ্ধাৰ কৰে দুটা ম’বাইল সহ এখন ৰুমাল ৷

ইয়াৰ পাছতে চিবিআই- এ নগাঁও আৰ্বত্ত ভৱনত শুক্ৰবাৰে জেৰা কৰে লখিমপুৰৰ তদানীন্তন এছ পি বেদান্ত মাধৱ ৰাজখোৱা আৰু এএছপি ৰুনা নেওগক ৷

আনহাতে শনিবাৰে ঘটনাৰ তদন্তৰ বাবে নগাঁৱৰ তদানীন্তন এছপি তথা বৰ্তমান হাইলাকান্দিৰ এছ পি ৰূপে কৰ্মৰত লীনা দলেক চিবিআই- এ ইতিপূৰ্বে তলব কৰা অনুসৰি নগাঁও আৰ্বত্ত ভৱনত উপস্থিত হয়৷

উল্লেখ্য যে,চিবিআইৰ দলটো প্ৰথমে দলে উপস্থিত হয় নগাঁও পুলিচ ৰিজাৰ্ভৰ আলহীগৃহত ৷ তাৰ পিছত উপস্থিত হয় নগাঁও আৰ্ৱত্ত ভৱনত ৷ আৱৰ্ত ভৱনৰ নিদিষ্ট কোঠাত এছ পি দলেক বহু সময় ধৰি জেৰা কৰে ৷

এছ পি দলে নগাঁৱৰ আৰক্ষী অধীক্ষক ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত জখলাবন্ধাত সংঘটিত পথ দুৰ্ঘটনাত নিহত হৈছিল জোনমণি ৰাভা ৷

সেই নিশাই জোনমণি ৰাভাৰ ঘৰত তালাচী চলাই এছ পি লীনা দলেই লৈ যায় এক লক্ষাধিক টকা ৷

এই সন্দৰ্ভত জোনমণি ৰাভাৰ মাতৃয়ে নগাঁও আৰু জখলাবন্ধা থানাত সুকীয়া সুকীয়া দিয়া এজাহাৰত লীনা দলে সহ কে’বাজনো আৰক্ষী বিষয়াৰ নাম উল্লেখ কৰিছিল ৷

প্ৰাপ্ত খবৰ অনুসৰি আন কে’বা গৰাকী জ্যেষ্ঠ আৰক্ষীক চিবিআই- এ জেৰা চলোৱাৰ সম্ভাৱনা আছে ৷

Exit mobile version