Wild Elephant Attack In Rangapara:
দিনক দিনে বৃদ্ধি পাইছে হস্তী- মানুহৰ সংঘাত ৷ বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহি বন্যহস্তিৰ জাকে উপদ্ৰৱ চলোৱাতো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷
ADVERTISEMENT
এনে ঘটনাক্ৰমৰ মাজতে শোণিতপুৰ জিলাৰ ৰঙাপৰাত শোকাৱহ ঘটনা ৷ বন্যহস্তীৰ আক্ৰমনত নিহত হয় এগৰাকী মহিলা। ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত জামুনবিল গাঁওত দেওবাৰে নিশা সংঘটিত এই ঘটনা।
খাদ্যৰ সন্ধানত নিশা ওলায় অহা এটা বন্যহস্তীয়ে শুই থকা আৱস্থাত ৫০ বছৰীয়া ৰিতামনি ইন্দুৱা নামৰ মহিলা গৰাকীক গছকি হত্যা কৰে
উল্লেখ্য যে, এমাহৰ ভিতৰতে জামুনবিল গাঁৱত বন্যহস্তীৰ আক্ৰমনত প্ৰাণ হেৰুৱাইছিল দুজনকৈ লোকে ৷ জামুনবিলৰ গঞাই গাঁও খনৰ ভিতৰত অৱস্থান কৰি থকা বন্যহস্তী জাকটোক পুণৰ বনাঞ্চলৈ খেদি পঠিয়াবলৈ বন বিভাগক দাবী জনাইছে ।