:Elephant playing in water:
পশ্চিম কামৰূপ বনসংমণ্ডল প্ৰাধিকাৰী বিষয়া কাৰ্যালয়ৰ অধীনৰ বকোস্থ শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত শিংৰা পালাহপাৰাত আজি বিয়লি বন্যহস্তীৰ বিচৰণ কৰা দেখা গ’ল।
পোৱালীসহ ৩০/৪০ জনীয়া বন্যহস্তী জাকটো শিংৰা পালাহপাৰাত জলাশয়ত মুক্তমনে জলকেলি কৰি থকা দেখা গ’ল। উল্লেখযোগ্য যে,বিগত দিন ধৰি বৃহত্তৰ বন্যহস্তীৰ জাকটোৱে বকো অঞ্চলৰ পাৰোগাঁও,মৌমানত বিস্তৰ ক্ষতিসাধন কৰি বৰ্তমান শিংৰা অঞ্চলত বিচৰণ কৰি থকা দেখা গ’ল। আপোনমনে জলকেলিত ব্যস্ত বন্যহস্তীৰ জাকটো চাবলৈ ভিৰ কৰা দেখা গল।
ডেকা, বুঢ়া, জীয়ৰী বোৱাৰীৰ। বকো শিংৰা শালনীবাৰী ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’বলৈ ভয় শংকা মান বাহনসমূহৰ।
মনকৰিবলগীয়া যে, বন্যহস্তীৰ জাকটো সম্প্ৰতি দুটা ভাগত বিভক্ত হৈ শিংৰা শালবাৰীত বিচৰণ কৰি থকা বুলি জানিব পৰা গৈছে।
খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চললৈ নামি এইদৰে বন্যহস্তীৰ জাকে গাঁওবাসীৰ নিদ্ৰা হৰণ কৰিছে। বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত।