Burmese Supari And Foreign Cigarettes at Guwahati Railway Station: গুৱাহাটী ৰে’ল ষ্টেচনত আৰক্ষীৰ অভিযানত জব্দ

বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি আৰু বিদেশী চিগাৰেট

ghy seized 2

Burmese Supari And Foreign Cigarettes at Guwahati Railway Station:

মহানগৰীৰ গুৱাহাটী ৰে’ল ষ্টেচনত আৰক্ষীৰ মাৰাথন অভিযানত জব্দ বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰী আৰু বিদেশী চিগাৰেট ৷ বিশেষ সূত্ৰৰ পম খেদি ৰে’ল ষ্টেচনত অবস্থাত কৰি থকা ৰাজধানী এক্সপ্ৰেছ আৰু কামৰূপ এক্সপ্ৰেছত অৰ্তকিতে অভিযান চলাই আৰক্ষীয়ে ৷

অভিযানত ৰাজধানী এক্সপ্ৰেছৰ পৰা ২০ বস্তা চুপাৰি জব্দ কৰাৰ বিপৰীতে ৬ কাৰ্টন বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

আনহাতে কামৰূপ এক্সপ্ৰেছতো তালাচী চলাই জব্দ কৰে ৯ কাৰ্টন বিদেশী চিগাৰেট ৷ অৱশ্যে দুয়োখিনি অবৈধ সামগ্ৰী সৰবৰাহ কৰা কোনো এজন সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল আৰক্ষী ৷ অভিযানৰ নেতৃত্ব দিছিল ৰে’ল আৰক্ষীৰ বিষয়া পংকজ কুমাৰ ৰয়ে ৷

Exit mobile version