Kaziranga National Park To Open For Tourists On October 15:১৫ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

kaziranga

Kaziranga National Park To Open For Tourists On October 15:

পৰ্যটক সকলৰ বাবে ভাল খবৰ ৷ অহা ১৫ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷

২০২৩ -২৪ পৰ্যটন বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বাৰ পৰ্যটকৰ পৰিদৰ্শনৰ বাবে মুকলি কৰাৰ পদক্ষেপ লৈছে উদ্যান কৰ্তৃপক্ষই

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনৰ সঞ্চালিকা সোণালী ঘোষে সদৰি কৰা মতে ‘গ্ৰেটাৰ কাজিৰঙা টুৰিজিম’ পৰিকল্পনাৰ লক্ষ্যৰে লাওখোৱা, বুঢ়াচাপৰি আৰু বিশ্বনাথক সামৰি ২০২৩-২৪ পৰ্যটন বৰ্ষক অধিক সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷

আনহাতে ১৫ অক্টোবৰত উদ্যান খনৰ দ্বাৰ মুকলি হোৱাৰ পাছত পৰ্যটক সকলে কেৱল জীপ ছাফাৰীৰে উদ্যান খন পৰিদৰ্শন কৰিব পাৰিব যদিও হাতী ছাফাৰী সুবিধা লাভ কৰিবলৈ সক্ষম নহ’ব ৷ ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব নৱেম্বৰ মাহলৈ ।

আনহাতে উদ্যান খনৰ দ্বাৰ মুকলি কৰাৰ সমান্তৰালভাৱে পৰ্যটকৰ সুবিধা হোৱাকৈ পৰ্যটন ২০২৩-২৪ বৰ্ষত ব’টিং, চাইক্লিং আদিৰ বাবে ব্যৱস্থা গ্ৰহন কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

ইফালে ১৫ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ দ্বাৰ মুকলি অনুষ্ঠানত উপস্থিত থকাৰ কথা বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু স্থানীয় বিধায়কদ্বয় অতুল বৰা আৰু কেশৱ মহন্ত ৷

Exit mobile version